নেশ্যনেল ডেস্ক, ২৫ জুলাই :মানুহ ভেদে চখ ভিন্ন হয় ৷ কোনোবাই হয়তো ফুৰি ভালপায়, আন কোনোবাই আকৌ লিখা-মেলা বা নানান ব্যঞ্জন ৰান্ধি ভালপায় ৷ আজিকালি আকৌ ভিন্নজনে নিজৰ চখবোৰ সামাজিক মাধ্যমত দেখুৱাই ভালপায় ৷ আপুনি হয়তো কাৰ কথা ক’বলৈ লৈছো, সেয়া নিশ্চয় অনুমান কৰিব পাৰিছে ৷
হয়, আপুনি ঠিকেই অনুমান কৰিছে ৷ আমি ব্ল’গাৰ আৰু ভ্ল’গাৰৰ কথা কৈছো ৷ আজি আমি আপোনালোকক লৈ যাবলৈ ওলাইছে এগৰাকী সাগৰীয় ৰাজকুমাৰীৰ কাষলৈ ৷ অ’ ৰ’ৱ... সাগৰীয় ৰাজকুমাৰী বুলি কওঁতে আকৌ ভুল নুবুজিব ৷ সাগৰীয় ৰাজকুমাৰীখ্যাত এগৰাকী যুৱতীৰ কাষলৈ ৷ নিচাই যাৰ পেচালৈ ৰূপান্তৰিত হৈছে ৷
প্ৰায় ২ লাখ মানুহে চিনি পায় এই যুৱতীগৰাকীক ৷ সহজ অৰ্থত সামাজিক মাধ্যমত প্ৰায় ২ লাখ ফ'ল'ৱাৰ আছে যুৱতীগৰাকীৰ ৷ মানুহে তেওঁক চী ভ্ল’গাৰ (Sea Vlogger) হিচাবে জানে ৷ আৰু বেছি পাতনি নেমেলো... আমি উল্লেখ কৰা চী ভ্ল’গাৰগৰাকী হৈছে মীনাৱা পন্নু সুবিক্ষা (Meenava Ponnu Subiksha) ৷
ছ'চিয়েল মিডিয়াত "মীনাৱা পন্নু সুবিক্ষা" নামেৰে পৰিচিত এই যুৱতীগৰাকীৰ ঘৰ তামিলনাডুৰ পেৰিয়াডালা গাঁৱত ৷ বৰ্তমান সমগ্ৰ তামিলনাডুতে মীনাৱাৰ হাতৰ মাছৰ আচাৰ বিখ্যাত ৷ সামাজিক মাধ্যমৰ চৰ্চাৰ শীৰ্ষত থকা যুৱতীগৰাকীৰ সৈতে কিছু বাৰ্তালাপ কৰিবলৈ আমাৰ ই টিভি ভাৰতৰ সাংবাদিকৰ দল উপস্থিত হ’লগৈ মীনাৱাৰ পেৰিয়াডালা গাঁৱত ৷
আমাৰ সাংবাদিকে মীনাৱাৰ সৈতে তেওঁ প্ৰস্তুত কৰা আচাৰ লগতে অন্যান্য বহু কথাই পাতিলে ৷ আমাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ হিচাবে চী ভ্ল’গাৰ মীনাৱাই কৈ গ’ল বহু কথা ৷
- হাঁহিমুখীয়া চী ভ্ল’গাৰগৰাকীৰ কথাৰে...
মই থুথুকুডিৰ ব্যক্তিগত মহিলা কলেজৰ (Women's college in Thoothukudi) পৰা ইংৰাজীত বি এ পঢ়িছিলো । কলেজৰ পিচত কি কৰিলে ভাল হ’ব বুলি ভাবিগুণি থাকোতে মোৰ চী ভ্ল’গিং কৰিবলৈ মন গ’ল । তাৰ পাচৰ পৰাই অলপ অলপকৈ চী ভ্ল’গিং কৰিবলৈ ধৰিলো ৷
তামিলনাডুৰ প্ৰথম মহিলা Sea Vlogger হিচাপে মই অতি গৌৰৱান্বিত । কিন্তু এই যাত্ৰা সহজ নাছিল । ইয়াৰ আঁৰত বহুত কষ্ট আছে ৷ প্ৰথম অৱস্থাত চুবুৰীৰ সকলোৱে মোক জোকাইছিল । কিন্তু মই ইয়াক বিশেষ গুৰুত্ব নিদি নিজৰ কামবোৰ কৰি গলো ।
এদিন মই দেউতাক অনুৰোধ কৰিলো যে মোকো তেওঁৰ সৈতে সাগৰলৈ লৈ যাবলৈ ৷ মোৰ উৎপতীয়া কথা শুনি তেওঁ হ’ব বুলি ক’লে ৷ কিন্তু মোক লগত নিয়াৰ তেওঁৰ অলপো মন নাছিল ৷ কিন্তু মই কেৱল পোহৰ হোৱালৈকে বাট চাই ৰ’লো ৷ অৱশেষত দেউতাই তেওঁৰ লগত মোক নিবলৈ বাধ্য হ’ল ৷