নতুন দিল্লী:অতি স্বল্পভাষী আৰু নম্ৰ স্বভাৱৰ ৰাজনৈতিক নেতাৰ কথা যদি কোৱা যায়, তেন্তে ড৹ মনমোহন সিঙৰ ছবিখনেই সকলোৰে মনলৈ আহে ৷ প্ৰধানমন্ত্ৰী হৈ থকা কালত সদনৰ ভিতৰত বিৰোধীয়ে বহুবাৰ তেওঁ ভাষণ দিয়াৰ সময়ত তীব্ৰ হুলস্থুল কৰা দেখা গৈছিল ৷ কিন্তু ড৹ সিঙে অতি নম্ৰভাৱেই সেইবোৰ অতিক্ৰম কৰি গৈছিল ৷ এই স্বভাৱৰ বাবেই তেওঁক প্ৰায় সকলোৱে সমীহ কৰা দেখা যায় ৷
আজি তেখেতে শেষ নিশ্বাস ত্যাগ কৰাৰ পাছত স্বাভাৱিকতেই সকলোৱে তেওঁৰ গুণানুকীৰ্তন কৰিছে ৷ এই চেগতে জানো আহকচোন কবিতাৰ প্ৰতি থকা ৰুচি সন্দৰ্ভত ৷
প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ সিঙৰ উৰ্দু পদ্যৰ প্ৰতি ব্যাপক ৰুচি আছিল ৷ লোকসভাত বিজেপি নেত্ৰী প্ৰয়াত সুষমা স্বৰাজৰ সৈতে হোৱা কাব্যিক বিবাদৰ ভিডিঅ’ আজিও সামাজিক মাধ্যমত চৰ্চিত হৈ আহিছে ৷
লগতে পঢ়ক:ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ
২০১১ চনত সংসদত হোৱা তীব্ৰ বিতৰ্কৰ সময়ত তদানীন্তন লোকসভাৰ বিৰোধী দলপতি সুষমা স্বৰাজে বাৰাণসীত জন্মগ্ৰহণ কৰা কবি চাহাব জাফ্ৰিৰ ‘শ্বেৰ’ উল্লেখ কৰি প্ৰধানমন্ত্ৰী সিঙক কটাক্ষ কৰিছিল, সেইসময়ত কংগ্ৰেছ চৰকাৰৰ বেলি দুৰ্নীতিৰ অভিযোগত ডুব যাবলৈ আৰম্ভ কৰিছিল ।
বিতৰ্কৰ সময়ত স্বৰাজে কৈছিল, "তু ইধৰ উধৰ কি না বাত কৰ, য়ে বাটা কি কফিলা কৌন লুটা, হামে ৰজানো সে গিলা নেহী, তেৰী ৰহবাৰী কা সাৱাল হে ।" (‘‘অপ্ৰাসংগিক বিষয়ৰ কথা কোৱাতকৈ কাৰাভানখন কিয় লুটপাত কৰা হ'ল কওকচোন । ডকাইতৰ বিৰুদ্ধে মোৰ কোনো অভিযোগ নাই যদিও আপোনাৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছো’’) ।
এই প্ৰশ্নত উত্তেজিত হোৱাৰ পৰিৱৰ্তে সিঙে নিজৰ নম্ৰ ধৰণেৰে আল্লামা ইকবালৰ কবিতাৰ শাৰী উল্লেখ কৰি উত্তৰ দিলে । তেওঁ ক'লে, "মানা কি তেৰী দীদ কে কাবিল নেহী হু মেঁ, তু মেৰা শৌক দেখ মেৰা ইণ্টেজাৰ দেখ (মই তোমাৰ দৃষ্টি আকৰ্ষণ কৰাৰ যোগ্য নহয় । কিন্তু মোৰ উদ্যম, মোৰ আকাংক্ষালৈ চাওক) ।"
লগতে পঢ়ক:বৰ্ণিল ৰাজনৈতিক কেৰিয়াৰত এবাৰ মুখ থেকেচা খাবলগীয়া হৈছিল মনমোহন সিঙে ! কি সেই কাহিনী...
সাহিত্যৰ প্ৰতি ৰুচি থকা দুয়োগৰাকী নেতাৰ মাজত ২০১৩ চনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত পুনৰ সংঘাত হৈছিল । সিঙে প্ৰথমে লক্ষ্য কৰি মিৰ্জা গালিবৰ এটা শাৰী উল্লেখ কৰিছিল । তেওঁ ক'লে, "হাম কৌ উন ছে ৱাফা কি হে উম্মীদ, জো নেহী জানটে্ ৱাফা কিয়া হে (প্ৰেম কি নাজানা কোনোবা এজনৰ পৰা মই প্ৰেম আশা কৰো)।" স্বৰাজে নিজৰ অনুকৰণীয়ভাৱে অধিক সমসাময়িক বছিৰ বদৰৰ শাৰী এটা টানি আনি উত্তৰ দিলে, "কুচ টো মাজবুৰিয়া ৰহি হৌগী, ইউ কই বেৱাফা নেহী হোতা (কিছুমান বাধ্যবাধকতা থাকিব লাগিব কাৰণ কোনেও এনেই প্ৰেমক আওকাণ নকৰে) ।"
তেওঁৰ চৰকাৰক আগুৰি থকা দুৰ্নীতিৰ অভিযোগত সাংবাদিকসকলে তেওঁক প্ৰশ্ন কৰাৰ সময়ত সিঙেও একেধৰণৰ কাব্যিক উত্তৰৰ আশ্ৰয় লৈছিল । তেওঁ কৈছিল, "হাজাৰো জবাবো সে অচ্ছি হে মেৰী খামোছি, জো কয়ী সৱালো কি আব্ৰু ধক লেটি হে (হাজাৰ প্ৰশ্নতকৈ মোৰ মৌনতাই ভাল, নহ'লে ই বহু প্ৰশ্ন উদঙাই দিব) ।"
ভাৰতৰ অর্থনৈতিক সংস্কাৰৰ স্থপতি তথা ৰাজনীতিৰ ৰুক্ষ জগতখনত একমত গঢ়া সিঙৰ বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ এইমছত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ ।
লগতে পঢ়ক:ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধক ড৹ মনমোহন সিঙৰ মৃত্যুত দেশজুৰি ৭ দিনীয়া শোক পালন