অৱশ্যে বৰফৰ এই আমেজ ল’বলৈ অৰুণাচল প্ৰদেশৰ বহু কেইটা অঞ্চলত পৰ্যটকেও ভিৰ কৰা দেখা গৈছে ৷ কিন্তু মাত্ৰাধিক তুষাৰপাত হোৱাৰ বাবে টাৱাং জিলা সদৰত যান-বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে । ফলত অসমৰ পৰা যোৱা কেবাখনো পৰ্যটকৰ বাহন টাৱাং চহৰত আবদ্ধ হৈ পৰিছে । গাড়ীত চেইন বা শিকলি লগাই বাহনসমূহ নিৰাপদ স্থানলৈ নিয়াৰ বাবে ব্যৱস্থা কৰা দেখা গৈছে ।
টাৱাঙৰ পথত ৭ ছেন্টিমিটাৰলৈ জমা হৈছে বৰফ (ইটিভি ভাৰত)
প্ৰচণ্ড তুষাৰপাতৰ বাবে টাৱাং চহৰত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন । এই সম্পৰ্কে যেতিয়া সবিশেষ জানিব বিচৰাত টাৱাং জিলা তথ্য আৰু জনসংযোগ বিষয়া নৱাং চোতাই ইটিভি ভাৰতৰ আগত জনাইছিল, "আজি (বৃহস্পতিবাৰে) পুৱাৰ ভিতৰত বুমলা অঞ্চলত প্ৰায় ৯০ ছেন্টিমিটাৰলৈকে বৰফ আছিল ৷ সন্ধিয়ালৈ ই আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ তুষাৰপাত ক্ৰমান্বয়ে বাঢ়ি আছে । জিলা দুৰ্যোগ প্ৰশমন বিভাগে পৰিস্থিতি চাই-বুজি যান-বাহনৰ উদ্ধাৰৰ কাম কৰি আছে ।’’
টাৱাঙৰ পথত ৭ ছেন্টিমিটাৰলৈ জমা হৈছে বৰফ (ETV Bharat)
তেওঁ লগতে জানিবলৈ দিয়ে, ‘‘জিলাখনত ১১ ফেব্ৰুৱাৰীৰ পৰা অতিমাত্ৰা তুষাৰপাত হৈছে । আনহাতে সীমান্ত পথ নিৰ্মাণ সংস্থাৰ বনুৱাই বিভিন্ন অত্যাধুনিক সজুঁলিৰে পথৰ পৰা বৰফ নিষ্কাষণ কৰি আছে । প্ৰচণ্ড শীতৰ মাজতে বনুৱাই সকলো জৰুৰী পথসমূহ মুকলি কৰিছে যদিও পুনৰ বৰফে সেই স্থানবোৰ ঢাকি ধৰিছে ।’’
সীমান্ত পথ নিৰ্মাণ সংস্থাৰ এজন বনুৱা প্ৰেম থিনিয়ে কয়, ‘‘টাৱাঙৰ তুষাৰপাত বা বৰফ কোনো নতুন কথা নহয় যদিও কেতিয়াবা ইয়াৰ পৰিমাণ যথেষ্ট কম আৰু কেতিয়াবা অত্যধিক হৈ পৰে । বিগত চাৰি-পাঁচদিন টাৱাঙত সূৰ্যৰ পোহৰ পৰা নাই বুলিয়েই ক’ব পাৰি ৷’’
জনসংযোগ বিষয়া নৱাং চোতাই কয়, "বহু ঠাইত অতিমাত্ৰা বৰফ পৰাৰ ফলত গছ-গছনি বাগৰি পৰিছে ৷ আনকি বিদ্যুৎ আৰু যোগাযোগ লাইনত ডাঠ বৰফ জমা হৈছে ৷ ফলত কিছু অঞ্চলৰ সৈতে যোগাযোগ স্থাপন কৰাত ব্যাঘাত জন্মিছে । অৱশ্যে বেছিভাগ দোকান-পোহাৰ খোলা আছে ৷ তথাপিও খুব কম সংখ্যক স্থানীয় লোকক কেৱল দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীহে ক্ৰয় কৰিবলৈ ওলাই অহা দেখা গৈছে ৷’’
জনসংযোগ বিষয়াগৰাকীয়ে আৰু কয়, ‘‘শিক্ষানুষ্ঠানতো শিক্ষাৰ্থীৰ উপস্থিতি যথেষ্ট হ্ৰাস পাইছে ৷ কাৰণ কোনো ধৰণৰ যান-বাহন চলাচল কৰি থকা নাই আৰু বৰফৰ ওপৰত খোজ কঢ়াটো বিশেষকৈ শিশুৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।’’