নতুন দিল্লী:১৯৭৬ চনৰ সংশোধনীত সংবিধানৰ প্ৰস্তাৱনাত 'সমাজতান্ত্ৰিক', 'ধৰ্মনিৰপেক্ষ' আৰু 'অখণ্ডতা' শব্দ যোগ কৰাৰ বিষয়টোক প্ৰত্যাহ্বান জনাই কৰা আবেদন সোমবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে ।
দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে কয় যে আবেদনসমূহৰ বিতং শুনানিৰ প্ৰয়োজন নাই । বিচাৰপীঠে ২২ নৱেম্বৰত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুব্ৰমণিয়াম স্বামী, অধিবক্তা অশ্বিনী উপাধ্যায় আৰু অন্যান্যই দাখিল কৰা কেইখনমান আবেদনৰ ওপৰত ৰায় সংৰক্ষিত ৰাখিছিল । উক্ত আবেদনত সংবিধানৰ প্ৰস্তাৱনাত 'সমাজতান্ত্ৰিক', 'ধৰ্মনিৰপেক্ষ' শব্দবোৰ অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত প্ৰত্যাহ্বান জনোৱা হৈছিল ।
মুখ্য ন্যায়াধীশে কয় যে 'সমাজতান্ত্ৰিক' আৰু 'ধৰ্মনিৰপেক্ষ' শব্দ দুটা ১৯৭৬ চনত সংশোধনীৰ জৰিয়তে কৰা হৈছিল । কিন্তু ভাৰত ৰাষ্ট্ৰৰ পৰিচয় হিচাপে ১৯৪৯ চনত সংবিধান গৃহীত হোৱাৰ সময়ত সার্বভৌম, গণতান্ত্রিক আৰু গণৰাজ্য শব্দ তিনিটা আছিল । সেয়ে এই দুটা শব্দৰ অন্তৰ্ভুক্তিয়ে প্ৰস্তাৱনাৰ মূল অভিব্যক্তিত কোনো পাৰ্থক্য নানে ।
শীর্ষ আদালতে লগতে জনাই যে সংবিধান সংশোধনী সন্দৰ্ভত সংসদক ক্ষমতা দিছে সংবিধানেই । তাৰ উপৰি এই শব্দ দুটা ইমান বছৰে বহু বিচাৰ বিভাগীয় পৰীক্ষা-নিৰীক্ষাৰ ভিতৰেৰে যোৱা বুলিও শীৰ্ষ আদালতে পর্যবেক্ষণ কৰে ।
উল্লেখ্য যে ২২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে কৈছিল জৰুৰীকালীন অৱস্থাৰ সময়ত সংসদে যি কৰিছিল তাৰে সকলো অমান্য আছিল বুলি ক'ব নোৱাৰি । লগতে কয় যে সংবিধানত ১৯৭৬ চনৰ সংশোধনীত প্ৰস্তাৱনাত 'সমাজতান্ত্ৰিক', 'ধৰ্মনিৰপেক্ষ' আৰু 'অখণ্ডতা' শব্দৰ সংযোগ ন্যায়িক পৰ্যালোচনাৰ মাজেৰে গৈছে ।
১৯৭৬ চনত ইন্দিৰা গান্ধী চৰকাৰে গ্ৰহণ কৰা ৪২ সংখ্যক সংবিধান সংশোধনীৰ অধীনত সংবিধানৰ প্ৰস্তাৱনাত 'সমাজতান্ত্ৰিক', 'ধৰ্মনিৰপেক্ষ' আৰু 'অখণ্ডতা' শব্দকেইটা অন্তৰ্ভুক্ত কৰা হৈছিল । ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে । আনহাতে, এই সংশোধনীয়ে প্ৰস্তাৱনাত ভাৰতৰ বিষয়ে বৰ্ণনাত 'সাৰ্বভৌম, গণতান্ত্ৰিক গণৰাজ্য'ৰ পৰা 'সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য'লৈ পৰিৱৰ্তন কৰিছিল ।
"বিষয় সংশোধনী (৪২ সংখ্যক সংশোধনী) বিষয়টো এই আদালতৰ দ্বাৰা এক নিৰ্দিষ্ট মাত্ৰাৰ ন্যায়িক সমীক্ষাৰ অধীনত কৰা হৈছে । সংসদে হস্তক্ষেপ কৰিছে... আমি এইটো ক'ব নোৱাৰো যে সেই সময়ত (জৰুৰীকালীন) সংসদে যি কৰিছিল, আমি ক'ব নোৱাৰো যে সেই সকলোবোৰ অমান্য আছিল ।" মুখ্য ন্যায়াধীশে শুনানিৰ সময়ত কয় ।
বিচাৰপীঠে লগতে কয় যে ভাৰতত সমাজবাদক যিধৰণে বুজি পোৱা যায় সেয়া আন দেশতকৈ বহুত বেলেগ আৰু ভাৰতীয় প্ৰেক্ষাপটত সমাজবাদৰ অৰ্থ হৈছে মুখ্যতঃ এক কল্যাণমূলক ৰাজ্য । "ই কেতিয়াও ব্যক্তিগত খণ্ডক প্ৰতিৰোধ কৰা নাই, যিটো ভালদৰে সমৃদ্ধ হৈ আছে । আমি সকলোৱে ইয়াৰ পৰা লাভান্বিত হৈছোঁ ।" বিচাৰপীঠে কয় ।
১৯৯৪ চনৰ এছ আৰ বোম্মাই গোচৰৰ প্ৰসংগ উল্লেখ কৰি বিচাৰপীঠে কয় যে শীৰ্ষ ন্যায়ালয়ে সংবিধানৰ মৌলিক গাঁথনিৰ অংশ হিচাপে 'ধৰ্মনিৰপেক্ষতা'ক ধৰি ৰাখিছিল ।