অসম

assam

আঁতৰিল বিপদ : 17 মাহৰ পিছত মনীষ চিছোদিয়াক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ - SC GRANTS TO BAIL TO MANISH SISODIA

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 11:48 AM IST

Delhi Liquor Scam Case : দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক প্ৰদান কৰা হৈছে জামিন ৷ প্ৰায় ডেৰ বছৰৰো অধিক সময় কাৰাগাৰত আছে চিছোদিয়া । দিল্লীৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত হোৱা অনিয়মত জড়িত থকাৰ অভিযোগত মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ 2023 চনৰ 26 ফেব্ৰুৱাৰীত চিবিআইয়ে তেওঁক প্ৰথমে গ্ৰেপ্তাৰ কৰে ৷ পিছত বিভিন্ন অভিযোগৰ অধীনত প্ৰৱৰ্তন সঞ্চালকালয়ে(ইডি) ও চিছোদিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে ৷

SC GRANTS TO BAIL TO MANISH SISODIA
আপ নেতা মনীষ চিছোদিয়া (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 9 আগষ্ট :মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ৷ দিল্লী সুৰা নীতি কেলেংকাৰী আৰু ধনৰ লেনদেনৰ ক্ষেত্ৰত জড়িত থকাৰ অভিযোগত অভিযুক্ত মনীষ চিছোদিয়াক অৱশেষত প্ৰদান কৰা হৈছে জামিন ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিনৰ আবেদনৰ ওপৰত ৰায় দিয়ে ।

উচ্চতম ন্যায়ালয়ে 6 আগষ্টত মনীষ চিছোদিয়াৰ জামিন আবেদনৰ সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখিছিল ৷ আদালতে চিছোদিয়াক প্ৰতিনিধিত্ব কৰা অধিবক্তা অভিষেক সিংভি আৰু চিবিআই আৰু ইডিৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ যুক্তি শুনিছিল । চলিত বছৰৰে বিগত 21 মে’ত দিল্লী উচ্চ ন্যায়ালয়ে চিছোদিয়াৰ জামিন আবেদন নাকচ কৰিছিল ৷

লগতে পঢ়ক:আপ নেতা মনীষ চিছোদিয়া আৰু সঞ্জয় সিঙৰ ন্যায়িক জিম্মা ৭ মাৰ্চলৈকে বৃদ্ধি

২০২৩ চনত চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল

  • দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত অভিযুক্ত মনীষ চিছোদিয়া 2023 চনৰ 26 ফেব্ৰুৱাৰীৰ পৰা ন্যায়িক জিম্মাত আছে
  • চিবিআইয়ে 2023 চনৰ 26 ফেব্ৰুৱাৰীত দিল্লীৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত হোৱা অনিয়মত জড়িত থকাৰ অভিযোগত চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল
  • ইডিয়ে তেওঁক 2023 চনৰ 9 মাৰ্চত চিবিআইৰ এজাহাৰৰ সৈতে সম্পৰ্কিত ধন লেনদেনৰ এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল
  • 2023 ৰ 28 ফেব্ৰুৱাৰীত মনীষ চিছোদিয়াই দিল্লী কেবিনেটৰ পৰা পদত্যাগ কৰে

ইডি আৰু চিবিআইয়ে কৰিছিল বিৰোধিতা

দিল্লীৰ এগৰাকী প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী চিছোদিয়াই বিগত 17 মাহে ন্যায়িক জিম্মাত থকাৰ লগতে এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে এতিয়াও বিচাৰ আৰম্ভ নোহোৱাৰ বাবে আবেদন কৰিছিল জামিন ৷

ইডি আৰু চিবিআইয়ে তেওঁৰ জামিন আবেদনৰ বিৰোধিতা কৰে । ইডিয়ে আদালতৰ সন্মুখত দাবী কৰিছিল যে সংস্থাটোৰ ওচৰত পৰ্যাপ্ত নথিপত্ৰ মজুত আছে ৷ যিয়ে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীত চিছোদিয়া জড়িত থকাৰ স্পষ্ট প্ৰমাণ দাঙি ধৰিব ।

লগতে পঢ়ক:Delhi liquor scam: মনীষ চিছোডিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল চিবিআইৰ

ABOUT THE AUTHOR

...view details