অসম

assam

ETV Bharat / bharat

'৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Section 6A of Citizenship Act: অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় । ১৯৭১ চনেই হ’ব ভিত্তিবৰ্ষ ৷

By PTI

Published : 4 hours ago

Section 6A of Citizenship Act
SC VERDICT ON SECTION 6A (Etv Bharat)

নিউজ ডেস্ক, ১৭ অক্টোবৰ :অসমৰ ইতিহাসৰ কাৰণে এক গুৰুত্বপূৰ্ণ দিন । বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় । ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ'ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় ।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় ঘোষণা কৰে । ৰায়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ আৰু মনোজ মিশ্ৰই ১৯৭১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে । আনহাতে, জে বি পাৰ্দিৱালাই ১৯৫১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ 6A ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখে । উল্লেখ্য যে এই ধাৰাই বিদেশী ভূখণ্ড বিশেষকৈ বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰে ।

১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিচত নাগৰিকত্ব আইন, ১৯৫৫ত অন্তৰ্ভুক্ত কৰা 6A ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাটাও পক্ষৰ আবেদনৰ ওপৰত শীৰ্ষ ন্যায়ালয়ে এই ৰায় ঘোষণা কৰে ।

উল্লেখ্য যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ সাংবিধানিক বিচাৰপীঠে ২০২৩ চনৰ ১২ ডিচেম্বৰত বিষয়টোৰ ৰায় সংৰক্ষিত ৰাখিছিল ।

6A ধাৰাত কোৱা হৈছে যে যিসকল লোকে ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিচত বা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি নিৰ্দিষ্ট অঞ্চলসমূহৰ পৰা অসমলৈ আহিছিল আৰু তেতিয়াৰে পৰা উত্তৰ-পূবৰ ৰাজ্যখনৰ বাসিন্দা, ১৯৮৫ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসৰি তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ ১৮ ধাৰাৰ অধীনত নিজকে পঞ্জীয়ন কৰিব লাগিব । অৰ্থাৎ এই ব্যৱস্থাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখটো অসমত বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ কাট-অফ তাৰিখ নিৰ্দিষ্ট কৰি দিয়ে ।

১৯৮৫ চনৰ ১৫ আগষ্টত তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰে অসম আন্দোলনৰ নেতাসকলৰ সৈতে স্বাক্ষৰ কৰা 'অসম চুক্তি'ৰ সন্দৰ্ভত ১৯৫৫ চনৰ আইনখনত 6A ধাৰা অন্তৰ্ভুক্ত কৰা হৈছিল, যাতে অসমৰ সংস্কৃতি, ঐতিহ্য, ভাষিক আৰু সামাজিক পৰিচয় ৰক্ষা আৰু সুৰক্ষা দিব পৰা যায় ।

আনহাতে, শীৰ্ষ ন্যায়ালয়ে শুনানি সমাপ্ত কৰাৰ পূৰ্বে চাৰি দিন ধৰি এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণী, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা শ্যাম ডিভান, কপিল চিবাল, সঞ্জয় হেজ, চি ইউ সিং আৰু অন্যান্যসকলৰ পৰা যুক্তি শুনে ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ আৰু মনোজ মিশ্ৰৰ সংখ্যাগৰিষ্ঠতাৰে নাগৰিকত্ব আইনৰ 6A ধাৰাৰ বৈধতা বজাই ৰাখে । অৱশ্যে ন্যায়াধীশ জে বি পাৰ্দিৱালাই ভিন্ন মত পোষণ কৰে । মুখ্য ন্যায়াধীশে সংখ্যাগৰিষ্ঠ ৰায়টো ঘোষণা কৰি কয় যে সংসদৰ ইয়াক প্ৰণয়ন কৰাৰ আইনী দক্ষতা আছে । অৱশ্যে ন্যায়াধীশ পাৰ্দিৱালাই 6A ধাৰাক অসাংবিধানিক বুলি ব্যাখ্যা কৰিবলৈ এক ভিন্ন মত প্ৰকাশ কৰি ৰায় দিয়ে ।

মুখ্য ন্যায়াধীশে কয় যে অসম চুক্তি অবৈধ প্ৰব্ৰজন সমস্যাৰ এটা ৰাজনৈতিক সমাধান আৰু ধাৰা 6A ইয়াৰ আইনী সমাধান আছিল । শীৰ্ষ ন্যায়ালয়ে কয় যে স্থানীয় জনসাধাৰণক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ সৈতে মানৱীয় উদ্বেগৰ ভাৰসাম্য ৰক্ষাৰ বাবে ধাৰা 6A প্ৰণয়ন কৰা হৈছিল ।

লগতে পঢ়ক :১৯৫১ নে ১৯৭১ ? অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিব ৰায়
লগতে পঢ়ক :বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনত নাই চৰকাৰী প্ৰতিনিধিৰ স্বাক্ষৰ : অখিল গগৈ - mla akhil gogoi

ABOUT THE AUTHOR

...view details