নেশ্যনেল ডেস্ক,১০ ফেব্ৰুৱাৰী :উত্তৰাখণ্ডৰ হালদৱানীৰ হিংসাত্মক পৰিস্থিতি কিছু উন্নত হৈছে । বৃহস্পতিবাৰে হালদৱানীৰ বনভুলপুৰা অঞ্চলত হুলস্থূল পৰিৱেশৰ সৃষ্টি কৰা দুৰ্বৃত্তৰ ওপৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে । পৰিস্থিতি উন্নত হৈছে যদিও আৰক্ষী-প্ৰশাসনে সান্ধ্য আইন শিথিল কৰা নাই । একে সময়তে, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী হালদৱানীত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লৈছে । তাৰ পিচত মুখ্যমন্ত্ৰী ধামীয়ে বিষয়াসকলৰ সৈতে হিংসা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু শেহতীয়া পৰিস্থিতিৰ বুজ লয় । সমান্তৰালকৈ তেওঁ দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে ।
আৰক্ষীয়ে জনোৱা মতে হালদৱানীৰ পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছে । ঘটনাটোক লৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ হাতত লৈছে । আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত প্ৰায় ৫,০০০ লোকক গ্ৰেপ্তাৰ কৰিছে । একে সময়তে, আৰক্ষী সঞ্চালক প্ৰধান অভিনৱ কুমাৰে কয় যে দুৰ্বৃত্তৰ ওপৰত এনএছএ (ৰাষ্ট্ৰীয় সুৰক্ষা আইন) আৰোপ কৰা হ'ব । যাতে সেইসকলে ভৱিষ্যতে এনে ঘটনা সংঘটিত কৰাৰ পূৰ্বে চিন্তা কৰিবলগীয়া হয় ।