তেজপুৰ,৯ ফেব্ৰুৱাৰী:অৰুণাচল প্ৰদেশৰ টাৱাঙত চলিত মাহত প্ৰচণ্ড তুষাৰপাতৰ ফলত পথত বৰফ জমা হোৱাৰ বাবে তীব্ৰ ব্যাঘাত জন্মিছে যান-বাহন চলাচলত । সীমান্ত পথ সংস্থাৰ তেজপুৰস্থিত প্ৰজেক্ট ভৰ্টকৰ দ্বাৰা জিলাখনৰ চেলা পাছ, ৱাই-জেন, চাংগেটছাৰ, ক্লেমটা আৰু জেমিথাং খণ্ডৰ দৰে গুৰুত্বপূৰ্ণ কিছুমান স্থানত বৰফ পৰিষ্কাৰকৰণৰ উপৰিও পথসমূৰ কাষে কাষে নিয়োগ কৰে সীমান্ত পথ সুৰক্ষা বাহিনীৰ ।
বি আৰ অ আৰু মানুহৰ দ্বাৰা অবিৰতভাৱে কাম কৰি যাতায়তৰ বাবে পথসমূহ মুকলি কৰা কাম অব্যাহত ৰাখিছে । ইয়াৰোপৰি লগতে স্থানীয় জনসাধাৰণ আৰু পৰ্যটকৰ বাবেও, বিশেষকৈ যিসকলে সমতলভূমিৰ পৰা বৃহৎ সংখ্যকে ভিৰ কৰি বৰফ পৰাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ আমোদ লয় তেওঁলোকৰ সুৰক্ষাৰ ববে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰে ।
উল্লেখযোগ্য যে , পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা পাছৰ পৰা নামনি অংশলৈ ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে যান-বাহনৰ চলাচল । প্ৰশাসনৰ নিৰ্দেশ অনুসৰি যোৱা ৬ ফেব্ৰুৱাৰী মঙলবাৰৰ পৰা চেলাপাছ পাৰ হৈ টাৱাঙলৈ যাত্ৰী আগমন ঢটা পৰিলক্ষিত হৈছে । এই পথত যোৱা চাৰিদিন ধৰি আৱদ্ধ হৈ আছিল প্ৰায় ৩০ খনৰো অধিক ট্ৰাক আৰু পৰ্যটকৰ বাহন । সামগ্ৰীভৰ্তি ট্ৰাক সমূহ ভালুকপুং দিশৰ পৰা টাৱাঙলৈ গৈ থকা অৱস্থাত চেলা পাছৰ পূৰ্বেই কেইবাদিনো ধৰি আবদ্ধ হৈ আছিল আৰু ইয়াৰ পিছতে টাৱাং জিলা প্ৰশাসনে জাৰি কৰিছিল নিৰ্দেশনা ।