উন্দি :অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাত ভয়ংকৰ ঘটনা । এটা পাৰ্চেলৰ ভিতৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ । গৃহ নিৰ্মাণ কৰি থকাৰ সময়তে এটা পৰিয়ালে লাভ কৰিলে মৃতদেহৰ পাৰ্চেলটো । ঘটনাটোক লৈ সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
পাৰ্চেলত ওলাল মৃতদেহ
এই ঘটনাটো উন্দি মণ্ডলৰ য়াণ্ডাগাণ্ডি গাঁৱৰ । চৰকাৰী ভূমিৰ হিতাধিকাৰী চাগী তুলসীৰ পৰিয়ালে তেওঁলোকৰ ঘৰ নিৰ্মাণৰ সময়তে পাৰ্চেলটো লাভ কৰে । উল্লেখ্য যে বৰ্তমান আৱণ্টিত ভূমিত ঘৰ নিৰ্মাণৰ প্লাষ্টাৰিং পৰ্যায়ত থকা চাগী তুলসীয়ে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ক্ষত্ৰিয় সেৱা সমিতিৰ পৰা আৰ্থিক সাহায্য বিচাৰিছিল । সমিতিয়ে প্ৰথমতে সাহায্য হিচাপে টাইলছ প্ৰদান কৰিছিল । তুলসীয়ে পুনৰ সহায়ৰ বাবে আবেদন কৰিছিল । এইবাৰ তুলসীয়ে বৈদ্যুতিক সঁজুলি বিচাৰি আবেদন জনাইছিল ।
তুলসীয়ে তাৰ পিছত এটা পাৰ্চেল লাভ কৰিছিল । কিন্তু আশ্চৰ্যজনকভাৱে পাৰ্চেলটোৰ ভিতৰত আছিল এটা মৃতদেহ । মৃতদেহটো প্ৰায় ৪৫ বছৰীয়া লোকৰ বুলি সন্দেহ কৰা হৈছে । ঘৰৰ সঁজুলিৰ পৰিৱৰ্তে পাৰ্চেলটোত মৃতদেহ ওলোৱাৰ লগে লগে আতংকিত হৈ পৰিছে তুলসীৰ পৰিয়াল । ইফালে মৃতদেহৰ লগতে এখন ভাবুকিপূৰ্ণ ধনদাবী পত্ৰও লাভ কৰিছে পৰিয়ালটোৱে । য'ত পৰিয়ালটোক ১.৩০ কোটি টকা দাবী কৰা হৈছে আৰু দাবী পূৰণ নকৰিলে ভয়ানক পৰিণামৰ সতৰ্কবাণী দিয়া হৈছে ।