নেশ্যনেল ডেস্ক, 1 মাৰ্চ :বাংলাদেশৰ ৰাজধানী ঢাকাত বৃহস্পতিবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ নিশাটোৰ ভিতৰতে চহৰখনৰ মাজমজিয়াতে থকা গ্ৰীণ কোজি কটেজ নামৰ এটা ছয় মহলীয়া শ্বপিং মলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত কমেও 43 জন লোক নিহত হোৱাৰ লগতে আৰু ভালেসংখ্যক লোক আহত হয় বুলি জানিব পৰা গৈছে ৷
দেশখনৰ স্বাস্থ্যমন্ত্ৰী সামন্ত লাল সেনে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে যে বৃহস্পতিবাৰে মাজনিশাৰ ভাগত ঢাকাৰ ডাউনটাউন অঞ্চলতস্থিত শ্বপিং মলটোত দাউদাউকৈ জুই লাগে ৷ এই অগ্নিকাণ্ডত 43 গৰাকী লোক অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে ৷ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে ৷
আনহাতে উদ্ধাৰকাৰী দল উপস্থিত হৈ জীৱিত লোকসকলক উদ্ধাৰ কৰাৰ লগতে মৃতদেহকেইটা উলিয়াই আনে ৷ জানিব পৰা মতে, শুকুৰবাৰে পুৱতি নিশালৈকে প্ৰায় 43 গৰাকী লোকৰ মৃত্যু হয় আৰু প্ৰায় 22 গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷
ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীয়ে কয় যে, ৰাজধানী চহৰখনৰ মাজ মজিয়াতে থকা বাণিজ্যিক জিলাৰ মলটোৰ প্ৰথম মহলাত থকা এখন জনপ্ৰিয় ৰেষ্টোৰাত অগ্নিৰ সূত্ৰপাত হৈছিল ৷ বহু লোক জুইৰ ফলত মলটোত আৱদ্ধ হৈ পৰিছিল ৷ অৱশ্যে প্ৰাৰম্ভিক অনুসন্ধানত অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ পৰা হোৱা নাই ৷