অসম

assam

ETV Bharat / bharat

মণিপুৰত গুলীবৰ্ষণ : জিৰিবামত বন্ধ ঘোষণা, জাৰি সান্ধ্য আইন

মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতি বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই । ১১জন কুকি উগ্ৰপন্থী নিধন হোৱাৰ পিছত জিৰিবামত বন্ধ ঘোষণা, জাৰি কাৰ্ফিউ ৷

10 militants killed in encounter with security forces in Manipur's Jiribam
গুলীচালনাৰ ঘটনা (ANI)

By ANI

Published : Nov 12, 2024, 8:53 AM IST

মণিপুৰ :অশান্তজৰ্জ মণিপুৰত পুনৰ গুলীচালনাৰ ঘটনা ৷ সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য অনুসৰি, মণিপুৰৰ জিৰিবামত সোমবাৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু অসামৰিক আৰক্ষীৰ সৈতে এক সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত দহজন উগ্ৰপন্থী নিহত হৈছে বুলি জানিব পৰা গৈছে ।

মণিপুৰ আৰক্ষীয়ে জাৰি কৰা এক প্ৰেছ বিবৃত্তি অনুসৰি, এই সংঘৰ্ষত এজন CRPF কনিষ্টবল আঘাতপ্ৰাপ্তহয় ৷ বৰ্তমান তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছে । ইতিমধ্যে এনকাউণ্টাৰৰ স্থানৰ পৰা উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ।

ইফালে এই হিংসাত্মক পৰিস্থিতিৰ পিছতে কুকি-জো পৰিষদে আজি (মঙলবাৰ) পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে । উচিত ন্যায় প্ৰদান কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনাইছে পৰিষদে । ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে জিৰিবামত সান্ধ্য আইন জাৰি কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

মণিপুৰ আৰক্ষীয়ে জাৰি কৰা প্ৰেছ বিবৃত্তি -

"বিয়লি প্ৰায় ৩ বজাত জাকুৰাধোৰত অৱস্থিত CRPF পোষ্ট আৰু বৰোবেকৰা থানা (সীমতে অৱস্থিত), জিৰিবাম জিলাত অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে আক্ৰমণ কৰে । নিৰাপত্তা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । এই সংঘৰ্ষত CRPF ৰ সঞ্জীৱ কুমাৰ নামৰ এজন কনিষ্টবল আঘাত প্ৰাপ্ত হয় ৷ তাৰ পাচতে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈনিয়া হয় আৰু তাতে তেওঁ চিকিৎসাধীন হৈ আছে ।’’

"প্ৰায় ৪০-৪৫ মিনিট ধৰি হোৱা প্ৰচণ্ড গুলীয়া-গুলীৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় । গুলীচালনা বন্ধ হোৱাৰ পিছত অঞ্চলটোত তালাচী চলোৱা হয় ৷ সেই ঠাইৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে গুলীবাৰুদো জব্দ কৰা হয় (3 nos. of AKS, 4nos. of SLRS, 2 nos. of INSAS, 01 no. of RPG, 01 no. of Pump Action Gun, BP Helmets and Magazines) ।

মণিপুৰ আৰক্ষীয়ে দিয়া তথ্য -

উক্ত বিষয়টোৰ ওপৰত এটা অপৰাধমূলক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে । মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, জিৰিবাম জিলাৰ বৰোবেকৰা থানাৰ অন্তৰ্গত জাকুৰাধোৰ আৰু ইয়াৰ আশে-পাশে অভিযান চলাই থকা হৈছে ৷ ইতিমধ্যে আছাম ৰাইফলছ, CRPF আৰু অসামৰিক আৰক্ষীৰে গঠিত এটা দলক ততাতৈয়াকৈ উক্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে ।

সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য অনুসৰি, এই এনকাউণ্টাৰত ১১ জন উগ্ৰপন্থী নিহত হৈছে । উত্তৰ-পূবৰ ৰাজ্যখনত যোৱা বছৰৰ ৩ মে’ত মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত সদৌ জনজাতি ছাত্ৰ সন্থাই আয়োজন কৰা এক সমাৱেশৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হৈছিল । (ANI)

লগতে পঢ়ক :মণিপুৰত পুনৰ ৰক্তপাত: জিৰিবামত নিধন ১০ সন্দেহযুক্ত কুকি উগ্ৰপন্থীক

ABOUT THE AUTHOR

...view details