নেশ্যনেল ডেস্ক, 29 মাৰ্চ :জম্মু-কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা ৷ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত 10 জন লোকৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে ।
উপত্যকাটোৰ ৰামবন অঞ্চলৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু ৰামবানৰ অসামৰিক দ্ৰুত সঁহাৰি দল (QRT)ৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, মাজ নিশা প্ৰায় 1.15 বজাত শ্ৰীনগৰৰ পৰা জম্মুলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন ।
ধাৰাষাৰ বৰষুণৰ মাজতে উদ্ধাৰকাৰী দলটোৱে তৎপৰতাৰে নিহত লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । নিহত লোকসকলৰ ভিতৰত বাহনখনৰ চালক জম্মু নিবাসী বলৱান সিং (47) আৰু বিহাৰৰ পশ্চিম চম্পাৰাণৰ বিপিন মুখিয়া ভাইৰাগাং নামৰ লোকজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে । বাকী লোকসকলক বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই ৷