নেশ্যনেল ডেস্ক, ৩০ জুলাই :দেশত পুনৰ ৰে'ল দুৰ্ঘটনা । এইবাৰ স্থান ঝাৰখণ্ড । হাওৰা-মুম্বাই মেইল ৰে'লখন দুৰ্ঘটনাত পতিত হয় । চক্ৰধৰপুৰৰ বাৰাবাম্বো আৰু ৰাজখৰচাৱান ৰে'ল ষ্টেচনৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত দুগৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । ইতিমধ্যে ৰে'ল বিভাগ আৰু প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।
চক্ৰধৰপুৰত ৰে'ল দুৰ্ঘটনা :
মঙলবাৰে পুৱা প্ৰায় ৪.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । হাওৰাৰ পৰা মুম্বাইৰ দিশে গৈ থকা ১২৮১০ নম্বৰৰ ৰে'লখন চক্ৰধৰপুৰ ডিভিজনৰ বাৰাবাম্বো-ৰাজখৰচাৱান ৰে'ল ষ্টেচনৰ মাজত পোটো বেদা গাঁৱৰ ওচৰত লাইনচ্যুত হয় । ৰে'লখনৰ ৪ টা সাধাৰণ ডবাৰ বাহিৰেও মুঠ ১৮ টা ডবা লাইনচ্যুত হয় ।
এই দুৰ্ঘটনাটোত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও এতিয়ালৈ কোনো নিৰ্দিষ্ট তথ্য পোহৰলৈ অহা নাই । একে সময়তে ৰে'ল বিভাগ আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰিছে ।