নেশ্যনেল ডেস্ক, ২৯ জুন :গ্ৰেটাৰ নয়ডাৰ সুৰজপুৰ আৰক্ষী থানা অঞ্চলৰ খোদনা কালা গাঁৱত শুকুৰবাৰে সন্ধিয়া হঠাতে এটা নিৰ্মীয়মাণ ঘৰ খহি পৰে । এই ঘটনাত ঘৰটোত খেলি থকা আঠটা শিশু ধ্বংসাৱশেষৰ তলত পোত যায় আৰু গুৰুতৰভাৱে আহত হয় ।
দুৰ্ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে স্থানীয় ৰাইজ গৈ তৎক্ষণাত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ শিশুকেইটাক ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰায় । কিন্তু চিকিৎসাৰ সময়তে তাৰে মাজৰ তিনিটা শিশুৰ মৃত্যু হয় । আনহাতে, পাঁচটা শিশুৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে । ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলো উপস্থিত হয় ।
উল্লেখ্য যে, বৰ্তমান দিল্লীকে ধৰি সমগ্ৰ এন চি আৰ অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আছে । তাৰে মাজতে সুৰজপুৰ আৰক্ষী থানাৰ অধীনৰ খোদনা কালা গাঁৱত নিৰ্মীয়মাণ ঘৰটো খহি পৰে । সেই সময়ত তাত 8 টা শিশুৱে খেলি আছিল । কিন্তু হঠাতে ঘৰটোৰ চাল আৰু দেৱাল খহি পৰাত তেওঁলোক ঘৰটোৰ ধ্বংসাৱশেষৰ তলত পোত যায় আৰু গুৰুতৰভাৱে আহত হয় ।
ঘটনাটো সংঘটিত হোৱাৰ পিচতে সমগ্ৰ গাঁৱখনত হুৱাদুৱা লাগে ৷ কিন্তু লগে লগে গাঁৱবাসীয়ে ধ্বংসাৱশেষ আঁতৰাই শিশুকেইটাক তাৰ পৰা উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰায় ।