অসম

assam

ETV Bharat / bharat

বিজয়াদশমী উপলক্ষে আৰ এছ এছ মুৰব্বী মোহন ভাগৱতৰ 'শস্ত্ৰ পূজা'

RSS Shastra Pooja : বিজয়াদশমী উপলক্ষে এছ এছৰ মুখ্য কাৰ্যালয়ত 'শস্ত্ৰ পূজা' । অংশগ্ৰহণ মোহন ভাগৱতৰ ।

By ANI

Published : Oct 12, 2024, 10:04 AM IST

RSS Shastra Pooja
আৰ এছ এছ মুৰব্বী মোহন ভাগৱত (ANI Photo)

নিউজ ডেস্ক, ১২ অক্টোবৰ :ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে শনিবাৰে বিজয়দশমী উপলক্ষে নাগপুৰত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত 'শস্ত্ৰ পূজা' (অস্ত্ৰ পূজা) কৰে ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মভূষণ তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰাক্তন মুৰব্বী কে ৰাধাকৃষ্ণণ ।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছ আৰু ইছৰোৰ প্ৰাক্তন মুৰব্বী কে শিৱানো অনুষ্ঠানটোত উপস্থিত থাকে ।

উল্লেখ্য যে বিজয়দশমীৰ এই অনুষ্ঠানত আৰ এছ এছৰ মুৰব্বীৰ সম্বোধনক সংগঠনটোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে গণ্য কৰা হয় । কিয়নো তেওঁৰ ভাষণৰ সময়ত সকলোৱে পালন কৰিবলগা ভৱিষ্যতৰ পৰিকল্পনা আৰু দৃষ্টিভঙ্গী প্ৰকাশ পায় । আনহাতে, এই মঞ্চৰ পৰাই আৰ এছ এছে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বহু বিষয়ত আলোকপাত কৰে বুলি জনা যায় ।

ইফালে বিজয়দশমী উদযাপন কৰিবলৈ সমবেত হোৱাৰ সময়ত আৰ এছ এছৰ সদস্যসকলে 'সংঘ প্ৰাৰ্থনা'ও কৰে । বিগত বছৰবোৰত আৰ এছ এছৰ বিজয়দশমীৰ কাৰ্যসূচীত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, এইচ চি এলৰ মুৰব্বী শিৱ নাডাৰ আৰু শিশু অধিকাৰ কৰ্মী তথা নোবেল বঁটাবিজয়ী কৈলাস সত্যাৰ্থীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল ।

উল্লেখ্য যে নৱৰাত্ৰিৰ শেষত প্ৰতিবছৰে পালন কৰা বিজয়দশমী বা দশেৰা হৈছে হিন্দুসকলৰ এক পৱিত্ৰ উৎসৱ । এই উৎসৱ হিন্দু পঞ্জীকাবৰ্ষৰ সপ্তম অৰ্থাৎ আহিন মাহৰ দশমদিনা পালন কৰা হয় । আনহাতে, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে এই উৎসৱটো সাধাৰণতে ছেপ্টেম্বৰ আৰু অক্টোবৰৰ মাহত পৰে ।

আনহাতে, বিজয়দশমী উৎসৱ দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে উদযাপন কৰা হয় । এই উৎসৱ উদযাপনৰ সৈতে কেইবাটাও কিংবদন্তী জড়িত হৈ আছে । ইয়াৰে ভিতৰত আটাইতকৈ প্ৰসিদ্ধ জনশ্ৰুতি হৈছে ভাৰতৰ অতি শ্ৰদ্ধাৰ ভগৱান ৰামৰ হাতত ৰাৱণৰ পৰাজয়ৰ পিচত বিজয় উৎসৱ ।

ইফালে এই উৎসৱৰ পৰায়ে দেৱালীৰ প্ৰস্তুতিও আৰম্ভ হয় । দেৱালী হৈছে পোহৰৰ গুৰুত্বপূৰ্ণ উৎসৱ । বিজয়দশমীৰ বিছ দিন পিচত দেৱালী উদযাপন কৰা হয় ।

লগতে পঢ়ক :২২ বছৰ ধৰি ৰাৱণক পূজা কৰা এজন ব্যক্তি; ৰাৱণেই তেওঁৰ আৰাধ্য দেৱতা, ৰাৱণেই তেওঁৰ গুৰু
লগতে পঢ়ক :লাভ জেহাদ সন্দৰ্ভত গিৰিৰাজ সিঙৰ বিতৰ্কিত মন্তব্য

ABOUT THE AUTHOR

...view details