কলকাতা:কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ক আজি শিয়ালদহ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷ আদালতে লগতে ৫০ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰে অন্যথা তেওঁ পাঁচ মাহ জেলত থাকিব লাগিব । শনিবাৰে অতিৰিক্ত জিলা ন্যায়াধীশ শিয়ালদহ আদালতে সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰিছিল ৷ অধিবক্তা ৰহমানে কয়, "সঞ্জয় ৰয়ক মৃত্যু পৰ্যন্ত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে । দোষীক বিএনএছৰ ৩ ধাৰাত জৰিমনাও বিহা হৈছে । আদালতে ৰাজ্যক ১৭ লাখ টকা ক্ষতিপূৰণ ভুক্তভোগীৰ পৰিয়ালক আদায় দিবলৈ নিৰ্দেশ দিছে ৷"
- ক্ষতিপূৰণ বিচৰা নাছিলোঁ, ন্যায় বিচাৰিছিলোঁ; আদালতত ভুক্তভোগীৰ পৰিয়ালৰ দাবী
ন্যায়াধীশে ক্ষতিপূৰণ ঘোষণা কৰাৰ পিছতে আদালতৰ কক্ষত প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী পৰিয়ালে ৷ তেওঁলোকে ন্যায়াধীশক কয়, "আমি ক্ষতিপূৰণ বিচৰা নাই । আমি আমাৰ ছোৱালীজনীৰ বাবে ন্যায় বিচাৰিছো ।" তাৰ পিছত ন্যায়াধীশে ক'লে, "মই জানো ক্ষতিপূৰণ বিচৰা হোৱা নাই । কিন্তু আইনত কোৱাৰ দৰেই মই আদেশ দিলোঁ ।"
- কনিষ্ঠ চিকিৎসকে আন্দোলন অব্যাহত ৰাখিব