অসম

assam

ETV Bharat / bharat

গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত দিল্লী বিমানবন্দৰত বিমান চলাচলত পৰিৱৰ্তন - Republic Day celebration

Republic Day 2024 : ১৯ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ পুৱা ১০.২০ বজাৰ পৰা ১২.৪৫ বজাৰ ভিতৰত দিল্লী বিমানবন্দৰৰ পৰা কোনো বিমানৰ প্ৰৱেশ বা প্ৰস্থান নহ'ব । আনহাতে, আন কেতবোৰ নিষেধাজ্ঞাও জাৰি কৰিছে দিল্লী আৰক্ষীয়ে ।

দিল্লী বিমানবন্দৰত বিমান চলাচলত পৰিৱৰ্তন
দিল্লী বিমানবন্দৰত বিমান চলাচলত পৰিৱৰ্তন

By ANI

Published : Jan 20, 2024, 7:31 AM IST

Updated : Jan 23, 2024, 11:58 AM IST

নিউজ ডেস্ক, ২০ জানুৱাৰী : আগন্তুক গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে বিমান চলাচলত কিছু নতুন ব্যৱস্তা প্ৰৱৰ্তন কৰিছে । সেই অনুসৰি ১৯ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ পুৱা ১০.২০ বজাৰ পৰা ১২.৪৫ বজাৰ ভিতৰত দিল্লী বিমানবন্দৰৰ পৰা কোনো বিমানৰ প্ৰৱেশ বা প্ৰস্থান নহ'ব । বিমানবন্দৰ কৰ্তৃপক্ষই এক বিবৃতিত এই কথা জনাইছে ।

আনহাতে, দেশে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈ থকাৰ সময়তে দিল্লী আৰক্ষীয়ে শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত পেৰাগ্লাইডাৰ, পেৰামটৰ্ছ, হেং গ্লাইডাৰ, মানৱবিহীন আকাশী বাহন (ইউএভি), মানৱবিহীন বিমান ব্যৱস্থাকে (ইউএএছ) ধৰি এনে ধৰণৰ সকলো প্ৰকাৰৰ আকাশী কাৰ্যকলাপ নিষিদ্ধ কৰিছে ।

এই নিষেধাজ্ঞা 18 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ 29 দিনৰ বাবে কাৰ্যকৰী কৰা হৈছে । "খবৰ পোৱা গৈছে যে কিছু অপৰাধী বা অসামাজিক উপাদান বা সন্ত্ৰাসবাদীয়ে পেৰা-গ্লাইডাৰ, পেৰা-মটৰ, হেং গ্লাইডাৰ, মানৱবিহীন আকাশী যান (ইউএএছ), মানৱবিহীন বিমান ব্যৱস্থা (ইউএএছ), মাইক্ৰ'-লাইট এয়াৰক্ৰাফ্ট আদিৰ দ্বাৰা সাধাৰণ জনতা, গণ্যমান্য ব্যক্তি আৰু গুৰুত্বপূৰ্ণ স্থানৰ বাবে ভাবুকি সৃষ্টি কৰিব পাৰে । সৰু আকাৰৰ বিমান, কোৱাডকপ্টাৰ বা আনকি বিমানৰ পৰা পেৰা-জাম্পিং আদিৰ দ্বাৰাও এই ঘটনা সংঘটিত হ'ব পাৰে ।" দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয় ।

এই সন্দৰ্ভত দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই অপৰাধ প্ৰক্ৰিয়া বিধি, 1973-ৰ ধাৰা 144-ৰ ক্ষমতা প্ৰয়োগ কৰি পেৰা-গ্লাইডাৰ, পেৰা-মটৰ, হেং গ্লাইডাৰ, ইউএভি, ইউএএছ, মাইক্ৰ'লাইট বিমান, দূৰৱৰ্তীভাৱে চালিত বিমান, গৰম বায়ু বেলুন, সৰু আকাৰৰ বিমান, কোৱাডকপ্টাৰ বা পেৰা জাম্পিং আদিৰ দৰে আকাশী কাৰ্যকলাপ নিষিদ্ধ কৰিছে । লগতে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ ভিতৰত সেইবোৰৰ অনলাইন বিক্ৰীও নিষিদ্ধ কৰা হৈছে । অন্যথা ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব বুলি বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে এই আদেশ 18 জানুৱাৰী, 2024-ৰ পৰা কাৰ্যকৰী হ'ব আৰু যদি আগতীয়াকৈ প্ৰত্যাহাৰ কৰা নহয় তেন্তে ই 29 দিনৰ বাবে অৰ্থাৎ 15 ফেব্ৰুৱাৰীলৈকে কাৰ্যকৰী হৈ থাকিব বুলিও কোৱা হৈছে ।

লগতে পঢ়ক :জ্ঞানৱাপী গোচৰ, প্ৰতিবেদন দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰি আবেদন এএছআইৰ

Last Updated : Jan 23, 2024, 11:58 AM IST

ABOUT THE AUTHOR

...view details