নেশ্যনেল ডেস্ক,২১ এপ্ৰিল:২২ এপ্ৰিলত আভ্যন্তৰীণ মণিপুৰ লোকসভা সমষ্টিৰ ১১ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ এই কথা ঘোষণা কৰিছে মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়াই । নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰণ কৰি ১৯ এপ্ৰিলত এই বুথসমূহত অনুষ্ঠিত হোৱা নিৰ্বাচনক বাতিল বুলি ঘোষণা কৰি নতুনকৈ ভোটগ্ৰহণৰ সময়সূচী নিৰ্ধাৰণ কৰে ।
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি প্ৰভাৱিত ভোটকেন্দ্ৰসমূহ হ'ল খুৰাই সমষ্টিৰ মইৰাংকাম্পু চাজেব আৰু থংগাম লেইকাই, খেত্ৰীগাঁৱত চাৰিটা, ইম্ফল পূব জিলাৰ থংজুত এটা, উৰিপোকত তিনিটা আৰু ইম্ফল পশ্চিম জিলাৰ কন্থৌজামত এটা ।
উল্লেখ্য যে অশান্তজৰ্জৰ মণিপুৰৰ ইনাৰ 2-নং লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সময়ত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত গুলীচালনা সংঘটিত হয় ৷ মণিপুৰত ইনাৰ আৰু আউটাৰ দুয়োটা লোকসভা সমষ্টিৰ বাবে শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ ইনাৰ মণিপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী আংগোমচা বিমোল আকোইজাম আৰু বিজেপি প্ৰাৰ্থী বসন্ত সিঙৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ ফলত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷