নেশ্যনেল ডেস্ক, 21 জানুৱাৰী:অযোধ্যাত ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ বাবে 22 জানুৱাৰীত অৰ্ধ ছুটী পালন কৰিব ভাৰতৰ প্ৰধান স্বাস্থ্যসেৱা প্ৰতিষ্ঠান এইমছে ৷ দিল্লীস্থিত স্বাস্থ্যসেৱা প্ৰতিষ্ঠানটোৱে শনিবাৰে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে এই কথা ।
শনিবাৰে এইমছে এক বিজ্ঞপ্তিযোগে কয়, "ভাৰত চৰকাৰে 18 জানুৱাৰী, 2024 তাৰিখে vide O.M ref: F.No. 12/7/2023- JCA, DoPT এক নিৰ্দেশনাযোগে সোমবাৰৰ দিনা, অযোধ্যাত ৰামলল্লা প্ৰাণ প্ৰতিষ্ঠা কৰা দিনটোত অৰ্ধ ছুটী 2.30 বজালৈকে ঘোষণা কৰিছে । সকলো কৰ্মচাৰীৰ বাবে অৱগত কৰা হৈছে যে 22.01.2024 তাৰিখে 2.30 বজালৈকে প্ৰতিষ্ঠানটো বন্ধ থাকিব । সকলো কেন্দ্ৰৰ মুৰব্বী, বিভাগৰ মুৰব্বী, ইউনিট আৰু শাখা বিষয়াক অনুৰোধ জনোৱা হৈছে যে তেওঁলোকৰ অধীনত কাম কৰা সকলো কৰ্মচাৰীৰ জ্ঞাতসাৰে এই বিষয়ে অৱগত কৰক ।"
বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে, “কিন্তু যিহেতু এইমছ নতুন দিল্লী 21.02.2024 লৈকে এমাহৰ বাবে হাই এলাৰ্টত থকাৰ বাবে সকলো জটিল চিকিৎসা সেৱা কাৰ্যক্ষম হৈ থাকিব ।"