নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী :হিন্দী ভাষা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ ঠাকৰে । ঠাকৰেই হিন্দী ৰাষ্ট্ৰ ভাষাৰ সমৰ্থকসকলক সমালোচনা কৰি কয় যে হিন্দী ৰাষ্ট্ৰ ভাষা নহয় । দেশত কোনো একক ৰাষ্ট্ৰীয় ভাষা নাই । ৰাজ ঠাকৰেই উদ্বেগ প্ৰকাশ কৰি কয় যে মহাৰাষ্ট্ৰত, যেতিয়া মাৰাঠী লোকসকলে মাৰাঠী এৰি হিন্দী কয় তেতিয়া তেওঁৰ খং উঠে ।
ৰাজ ঠাকৰেই নৱী মুম্বাইৰ বিশ্ব মাৰাঠী সাহিত্য সন্মিলনৰ সময়ত মাৰাঠী ভাষাৰ সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁৰ মতে প্ৰধানমন্ত্ৰীয়েও তেওঁৰ নিজৰ মাতৃভাষাৰ প্ৰতি থকা প্ৰেম লুকুৱাব নোৱাৰে তেনে ক্ষেত্ৰত মহাৰাষ্ট্ৰই কিয় নিজৰ প্ৰেম লুকুৱাব লাগে বুলি তেওঁ প্ৰশ্ন কৰে ।
তেওঁ চৰকাৰক ৰাজ্যৰ সকলো বিদ্যালয়তে মাৰাঠী বাধ্যতামূলক কৰিবলৈ অনুৰোধ জনায় । তেওঁ মহাৰাষ্ট্ৰৰ লোকসকলক মাৰাঠীত ভাষণ দিবলৈও আহ্বান জনায় । ৰাজ ঠাকৰেৰ আবেদনৰ পিচতে শিক্ষা মন্ত্ৰী দীপক কেচৰকাৰেও প্ৰকাশ কৰিছে যে মহাৰাষ্ট্ৰৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো বিদ্যালয়তে মাৰাঠীক বাধ্যতামূলক বিষয় কৰি তোলা হৈছে ।
বিশ্ব মাৰাঠী সাহিত্য সন্মিলনত ভাষণ প্ৰদানৰ সময়ত ৰাজ ঠাকৰেয়ে কিছুমান ক্ষেত্ৰত চৰকাৰকো সমালোচনা কৰে । সভাত উপস্থিত থকা চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলক সম্বোধন কৰি তেওঁ কয় যে তেওঁ অতি গোড়া মাৰাঠী । তেওঁক ইমান গোড়া মাৰাঠী হ'বলৈ প্ৰেৰিত কৰিছে । তেওঁৰ পিতৃৰ লগতে বালাচাহেব ঠাকৰে আৰু মহাৰাষ্ট্ৰৰ বহু জ্যেষ্ঠলোকে তেওঁ প্ৰেৰণা দিছে ।