অসম

assam

ETV Bharat / bharat

প্ৰকৃতিৰ ৰোষত দেশৰ বিভিন্ন ৰাজ্য - India weather report - INDIA WEATHER REPORT

India weather report: ডাৱৰ বিস্ফোৰণ, ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনে দেশৰ বিভিন্ন ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । কেৰালা আৰু হিমাচল প্ৰদেশত নিহতৰ সংখ্যা বৃদ্ধি পাইছে । বানৰ কবলত পৰিছে মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্য ।

India weather report
প্ৰকৃতিৰ ৰোষত দেশৰ বিভিন্ন ৰাজ্য (ANI)

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 11:24 AM IST

নেশ্যনেল ডেস্ক,৫ আগষ্ট :প্ৰবল বৃষ্টিপাতৰ কবলত পৰিছে দেশৰ বিভিন্ন বিভিন্ন ৰাজ্য । বিশেষকৈ ভাৰতৰ পশ্চিম আৰু কেন্দ্ৰীয় অঞ্চলত দেওবাৰে ডাৱৰ বিস্ফোৰণ আৰু ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে দেশৰ পূব, উত্তৰ-পূব আৰু উত্তৰ অংশত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে । আনহাতে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত বজ্ৰপাতৰ সম্ভাৱনা আছে । কেৰালাৰ ৱায়ানাড় আৰু হিমাচল প্ৰদেশত যোৱা সপ্তাহত হোৱা ভূমিস্খলনত নিহতৰ সংখ্যা ক্ৰমান্বয়ে ২২১ আৰু ১৩ লৈ বৃদ্ধি পাইছে ।

জম্মু-কাশ্মীৰ :

জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে । লাডাখৰ পৰা কাশ্মীৰ উপত্যকা বিচ্ছিন্ন হৈ পৰিছে আৰু অমৰনাথ যাত্ৰাৰ বাবে বাল্টাল আধাৰ শিবিৰ বন্ধ হৈ পৰে । ইফালে জম্মু-কাশ্মীৰত গান্দেৰবাল জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । বহু স্থানত একাংশ অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে । অমৰনাথ যাত্ৰাও ব্যাহত হৈ পৰিছে ।

উত্তৰ প্ৰদেশ :

উত্তৰ প্ৰদেশত দেওবাৰে সন্ধিয়ালৈকে ২৪ ঘণ্টাত বৰষুণ সম্পৰ্কীয় ঘটনাত ৫ গৰাকী লোকৰ মৃত্যু হয় । আনহাতে ৬ খন জিলা বানৰ কবলত পৰিছে । উত্তৰ প্ৰদেশত বালিয়া, লখিমপুৰ খেৰী, ফাৰুখাবাদ, সীতাপুৰ, বিজনৌৰ আৰু বাৰাবাঁকী জিলা এতিয়াও বানৰ কবলত আছে । জলসিঞ্চন বিভাগৰ মতে বুদাউনৰ কচলা দলঙত গংগা বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

উত্তৰাখণ্ড :

প্ৰচণ্ড বৰষুণৰ ফলত উত্তৰাখণ্ডৰ কেদাৰনাথলৈ যোৱা পথত বহু তীৰ্থযাত্ৰী আৱদ্ধ হৈ পৰিছে । ৪০০ ৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে এতিয়ালৈকে কেদাৰনাথ, ভীমবালি আৰু গৌৰীকুণ্ডৰ পৰা ১০,০০০ ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে ।

মহাৰাষ্ট্ৰ :

একেদৰে ধাৰাসাৰ বৰষুণ আৰু খাদকৱাছলা বান্ধৰ পৰা পানী নিষ্কাশনৰ ফলত মহাৰাষ্ট্ৰৰ পুনেৰ আৱাসিক এলেকা জলমগ্ন হৈ পৰিছে । উদ্ধাৰ অভিযানৰ বাবে সেনা জোৱানসকলক নিয়োজিত কৰা হৈছে । পুনেৰ খাদকৱাছলা, মুলচী, পাৱনা আৰু অন্যান্য বান্ধৰ পৰা পানী এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে সকলো লোকক সতৰ্ক হ'বলৈ আহ্বান জনাইছে । একেদৰে এনডিআৰএফ, এছডিআৰএফ আৰু সেনাৰ সহায়ত বিপদজনক অঞ্চলৰ পৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে । মহাৰাষ্ট্ৰৰ জলসিঞ্চন বিভাগৰ বিষয়াসকলে কোৱা মতে ধাৰাসাৰ বৰষুণৰ পিচত খাদকৱাছলা বান্ধৰ পৰা ৩৫,০০০ কিউছেক পানী এৰি দিয়া হৈছে । ধাৰাসাৰ বৰষুণৰ বাবে গোদাৱৰী নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ মাজতে নাছিক জিলা প্ৰশাসনে লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ।

ঝাৰখণ্ড :

একেদৰে ঝাৰখণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনত কেইখনমান নদী ওফন্দি উঠিছে । এনে পৰিস্থিতিত পূব সিংভূম জিলা প্ৰশাসনে নিম্ন অঞ্চলত বাস কৰা লোকসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে । ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ বাবে খাৰকাই আৰু স্বৰ্ণৰেখা নদীৰ জলস্তৰো বৃদ্ধি হৈছে ।

ঝাৰখণ্ডৰ সমীপৰ চেৰাইকেলা-খাৰছৱান জিলাৰ চান্দিল বান্ধৰ পৰা স্বৰ্ণৰেখা নদীত প্ৰায় ৩,৫০০ কিউছেক পানী এৰি দিয়া হৈছে । অৱবাহিকা অঞ্চলত বাস কৰা লোকসকলক নদীৰ ওচৰলৈ নাযাবলৈ কোৱা হৈছে আৰু প্ৰশাসনে জাৰী কৰা নিৰ্দেশনাবোৰ যথাযথভাৱে অনুসৰণ কৰিবলৈ কোৱা হৈছে ।

পশ্চিমবংগ :

পশ্চিমবংগৰো বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । দামোদৰ ভেলী কৰ্পোৰেশ্যনে ঝাৰখণ্ড-পশ্চিমবংগ সীমান্তৰ পাঞ্চেট আৰু মৈথন বান্ধৰ পৰা প্ৰচুৰ পানী এৰি দিছে । শনিবাৰে পাঞ্চেট আৰু মৈথনৰ পৰা মুঠ ৯০,০০০ কিউছেক পানী এৰি দিয়া হৈছে । ইয়াৰ ফলত পূৰ্ব আৰু পশ্চিম বৰ্ধমান, বীৰভূম, পশ্চিম আৰু পূৰ্ণ মেদিনীপুৰ, বাংকুৰা, হুগলী আৰু হাওৰাকে ধৰি দক্ষিণ বংগৰ কেইবাখনো জিলা প্ৰভাৱিত হৈছে ।

হিমাচল :

হিমাচলত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । উদ্ধাৰকাৰী দলে মাণ্ডি আৰু ছিমলা জিলাৰ পৰা পুনৰ ৪ টা মৃতদেহ উদ্ধাৰ কৰিছে । হিমাচল প্ৰদেশৰ ৩ খন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানৰ ফলত মৃত্যুৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে ।

৩১ জুলাইৰ নিশা ডাৱৰ বিস্ফোৰণৰ পিচত এতিয়াও ৪০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে । উদ্ধাৰ অভিযান এতিয়াও চলি আছে আৰু সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাৰ বাবে স্নিফাৰ কুকুৰ, ড্ৰোণ আৰু অন্যান্য সঁজুলিও ব্যৱহাৰ কৰা হৈছে ।

ৰাজ্যখনত এতিয়াও মুঠ ৮৭ টা পথ বন্ধ হৈ আছে । স্থানীয় বতৰ বিজ্ঞান বিভাগে ৮ আগষ্টলৈকে হিমাচল প্ৰদেশৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ, বজ্ৰপাতৰ সতৰ্কবাণী দিছে ।

কেৰালা :

কেৰালাৰ ৱায়ানাড় জিলাৰ ভূমিস্খলনপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে । অঞ্চলসমূহত এনডিআৰএফ, সেনা, নৌসেনা, উপকূলৰক্ষী বাহিনী আৰু বিশেষ অভিযান গোটকে ধৰি বিভিন্ন বাহিনীৰ শ শ কৰ্মী মোতায়েন কৰা হৈছে । ৰাজ্যৰ ৰাজহ মন্ত্ৰী কে ৰাজনৰ মতে এতিয়ালৈকে ২২১ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । কৰ্তৃপক্ষই জনোৱা মতে সন্ধানহীন লোকৰ সংখ্যা ২০৬ৰ পৰা ১৮০ লৈ হ্ৰাস পাইছে ।

লগতে পঢ়ক :ভূমিস্খলনত বিধ্বস্ত ৱায়নাড়ত শিশুসহ জনজাতীয় পৰিয়ালক উদ্ধাৰ : মুখ্যমন্ত্ৰীৰ প্ৰশংসা - Kerala landslide

ABOUT THE AUTHOR

...view details