অসম

assam

ৰাজীৱ গান্ধীলৈ জন্মদিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ - Sadbhavana Diwas

By ANI

Published : Aug 20, 2024, 10:14 AM IST

Rajiv Gandhi birth anniversary: প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিনটো সদ্ভাৱনা দিৱস হিচাপে উদযাপন সমগ্ৰ দেশত ৷ প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন ৷

Rajiv Gandhi birth anniversary
Prime Minister Modi pays tribute to former PM Rajiv Gandhi (ANI)

নিউজ ডেস্ক, ২০ আগষ্ট: আজি সদ্ভাৱনা দিৱস ৷ দেশৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিন উপলক্ষে পালন কৰা হয় সদ্ভাৱনা দিৱস ৷ ১৯৪৪ চনৰ ২০ আগষ্টত জন্ম হৈছিল ৰাজীৱ গান্ধীৰ ৷ কংগ্ৰেছ নেতাসকলৰ উপৰিও দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সদ্ভাৱনা দিৱস উপলক্ষে প্ৰয়াত ৰাজীৱ গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাইছে ৷

সামাজিক মাধ্যম X যোগে এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি’’ ৷

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ অভূতপূৰ্ব অৱদানেৰে ভাৰতক একবিংশ শতিকালৈ আনিলে ।

"আজি দেশত সদ্ভাৱনা দিৱস উদযাপন কৰা হৈছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ভাৰতৰ এগৰাকী মহান সন্তান আছিল । তেওঁ কোটি কোটি ভাৰতীয়ৰ মাজত আশাৰ কিৰণ উজলাইছিল আৰু তেওঁৰ অভূতপূৰ্ব অৱদানেৰে ভাৰতক একবিংশ শতিকালৈ লৈ আহিছিল ।" X ত খাৰ্গে পোষ্ট কৰি কয় ৷
‘‘ভোটদানৰ বয়স ১৮ বছৰলৈ হ্ৰাস কৰা, পঞ্চায়তীৰাজ শক্তিশালী কৰা, টেলিকম আৰু আই টি বিপ্লৱ, কম্পিউটাৰাইজেচন কাৰ্যসূচী, শান্তি চুক্তি অব্যাহত ৰখা, মহিলা সবলীকৰণ, সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচী আৰু সৰ্বাংগীন শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন শিক্ষা নীতিৰ দৰে বহু উল্লেখযোগ্য পদক্ষেপে দেশলৈ গতিশীল পৰিৱৰ্তন আনিছিল । ভাৰত ৰত্ন, ৰাজীৱ গান্ধীলৈ তেখেতৰ জন্ম বাৰ্ষিকীত আমি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো ।’’ খাৰ্গেই লগতে কয় ৷

মাতৃ তথা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ১৯৮৪ চনত ৰাজীৱ গান্ধীয়ে কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰে । ৪০ বছৰ বয়সতে তেওঁ ভাৰতৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হৈছিল । ১৯৪৪ চনৰ ২০ আগষ্টত জন্মগ্ৰহণ কৰা ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত নিৰ্বাচনী সমাৱেশৰ সময়ত লিবাৰেশ্যন টাইগাৰ্ছ অৱ তামিল ইলাম (এলটিটিই)ৰ আত্মঘাতী বোমাৰুই হত্যা কৰিছিল ।

লগতে পঢ়ক:সদ্ভাৱনা দিৱস : প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ - Rajiv Gandhi

ABOUT THE AUTHOR

...view details