নতুন দিল্লী:শুকুৰবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হৈছে 'জনজাতীয় গৌৰৱ দিৱস' । এই উপলক্ষে সংসদত ভগৱান বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে । আনহাতে, লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়েও এইগৰাকী মহান জনজাতীয় নেতাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ।
উল্লেখ্য যে এই দিনটো দেশৰ জনজাতীয় সম্প্ৰদায়সমূহৰ অৱদান আৰু সাফল্যৰ স্বীকৃতি হিচাপে উদযাপন কৰা হয় । লগতে এগৰাকী বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ কৰ্ম আৰু জীৱনৰ ওপৰত আলোকপাত কৰা হয় । ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত সম্প্ৰদায়টোৰ পৰম্পৰাগত ঢোলত ছেও তুলিবলৈ চেষ্টা কৰে ।
দুয়োগৰাকী নেতাই জনজাতীয় সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ মাদল বজাই এই দিৱস উদযাপনত অংশগ্ৰহণ কৰে । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিহাৰৰ জামুই ভ্ৰমণ কৰি জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ শুভাৰম্ভ কৰে আৰু বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে জনজাতীয় নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি পুৱা প্ৰায় ১১ বজাত ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰে । আনহাতে, প্ৰধানমন্ত্ৰীয়ে ৬,৬৪০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰো উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব ।
এই প্ৰকল্পবোৰৰ লক্ষ্য হৈছে জনজাতীয় সম্প্ৰদায়বোৰক উন্নত কৰা আৰু গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলত আন্তঃগাঁথনি উন্নত কৰা । মোদীয়ে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযানৰ (পিএম-জনমান) অধীনত নিৰ্মাণ কৰা ১১,০০০ ঘৰৰ গৃহ প্ৰৱেশতো অংশগ্ৰহণ কৰিব ।