নেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী :শুকুৰবাৰে ফৰিদাবাদত ৩৭ সংখ্যক সূৰজকুণ্ড মেলা উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ফৰিদাবাদ জিলাৰ সূৰজকুণ্ডত এই মেলাৰ আয়োজন কৰা হৈছে । ১৮ ফেব্ৰুৱাৰীলৈকে চলিব এই আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা । মেলা উদ্বোধনৰ অন্তত ৰাষ্ট্ৰপতিগৰাকীয়ে মেলা চৌহদত থকা ‘অপনা ঘৰ পেভিলিয়ন’ৰ ষ্টল পৰিদৰ্শন কৰি হাৰিয়ানৱী সংস্কৃতিৰ আভাস দি থকা বাদ্যযন্ত্ৰসমূহৰ বিষয়ে বিতং তথ্য গ্ৰহণ কৰে ৷
ৰাষ্ট্ৰপতিয়ে গুজৰাটৰ থীম ৰাজ্যৰ মেলাৰ ষ্টলসমূহো পৰিদৰ্শন কৰে আৰু শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ অংশগ্ৰহণকাৰী দেশ আৰু অঞ্চলসমূহৰ সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সকলোকে উৎসাহিত কৰে । মেলা উদ্বোধন কৰাৰ পিচত ৰাষ্ট্ৰপতিয়ে কয় যে ১৯৮৭ চনৰ পৰা প্ৰতি বছৰে আয়োজিত এই মেলাৰ সফলতাৰ বাবে সকলো কৰ্মকৰ্তাই অভিনন্দনৰ যোগ্য ।
টাঞ্জানিয়া মেলাৰ কাণ্ট্ৰি পাৰ্টনাৰ :হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল আৰু তেওঁৰ দলটোক এই মেলা আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসা কৰে । দ্ৰৌপদী মুৰ্মুৱে কয় যে এইবাৰৰ মেলাৰ অংশীদাৰ দেশ টাঞ্জানিয়া । বিগত বছৰৰ অক্টোবৰ মাহত টাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া চুলুহু হাছানৰ সৈতে হোৱা আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদান অধিক সম্প্ৰসাৰণৰ গুৰুত্বৰ ওপৰত দুয়োখন দেশ সহমতত উপনীত হৈছিল ।
মেলাখন হস্তশিল্পৰ বাবে এক আচৰিত মঞ্চ :মেলালৈ অহা দৰ্শনাৰ্থীসকলে কাঠৰ কাৰুকাৰ্য, মৃৎশিল্প আৰু বয়নকে ধৰি জীৱন্ত আৰু ৰঙীন টাঞ্জানিয়াৰ কলা আৰু কাৰুশিল্পৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব । ভাৰত আৰু পূব আফ্ৰিকাৰ উপকূলৰ মাজত শতিকাজুৰি চলি অহা মানুহৰ মাজত সংস্পৰ্শৰ বাবে কিছু ভাৰতীয় প্ৰভাৱৰ সৈতে তাঞ্জানিয়াৰ নৃত্য, সংগীত আৰু খাদ্য প্ৰদৰ্শনৰ বাবে ই এক আচৰিত মঞ্চ । এই মেলাত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে তাঞ্জানিয়াৰ অংশগ্ৰহণে আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ শক্তিশালী অংশীদাৰিত্বক উজ্জ্বল কৰি তুলিছে ।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এইবাৰ মেলাৰ অংশীদাৰ ৰাজ্য গুজৰাটৰ কলা আৰু পৰম্পৰা চাবলগীয়া । গুজৰাটৰ বিভিন্ন অঞ্চলৰ পৰা অহা শিল্পীৰ জৰিয়তে ৰাজ্যখনৰ সজীৱ শিল্পকলা দেখিবলৈ পোৱা যাব । তেওঁ কয় যে নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড এইবাৰৰ মেলাৰ সাংস্কৃতিক অংশীদাৰ । ‘আমাৰ শিপিনীসকলে দেশৰ শিল্প ঐতিহ্য সংৰক্ষণ কৰি ৰাখিছে । ইয়াৰ বাবে সকলো শিল্পীয়ে প্ৰশংসাৰ পাত্ৰ’ বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে এই মেলাৰ সময়ত ২০ কোটিৰো অধিক মূল্যৰ ব্যৱসায়ৰ আশা কৰা হৈছে, যিটো কাৰিকৰী আৰু হস্ততাঁত ব্যৱসায়ীসকলৰ বাবে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এক বৃহৎ মঞ্চ ।