অসম

assam

ETV Bharat / bharat

দীপাৱলীৰ বতৰত ধোঁৱা-কোঁৱা দিল্লীৰ পৰিৱেশ: ভয়ানক ধৰণে কমিছে বায়ুৰ গুণমান - DELHI AIR POLLUTION

কেন্দ্ৰীয় প্ৰদূষণ আৰু নিয়ন্ত্ৰণ ব'ৰ্ড চি পি চি বিৰ মতে, শুকুৰবাৰে পুৱা 7.30 বজালৈকে ৰাজধানী দিল্লীত গড় বায়ু গুণমান সূচক (AQI) হৈছে 361 ।

Delhi Air Pollution
বিষাক্ত গেছ চেম্বাৰলৈ পৰিৱৰ্তিত দিল্লী (ANI)

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 1:08 PM IST

নতুন দিল্লী :দীপাৱালী উৎসৱৰ পিচদিনা অৰ্থাৎ শুকুৰবাৰে দিল্লী-এন চি আৰত বায়ু প্ৰদূষণৰ স্তৰ 'অতি শোচনীয়' শ্ৰেণীলৈ অৱনতি ঘটে । সমগ্ৰ অঞ্চলটোক বিষাক্ত ধোঁৱাই আৱৰি ধৰিছে । কেন্দ্ৰীয় প্ৰদূষণ আৰু নিয়ন্ত্ৰণ ব'ৰ্ড চি পি চি বিৰ মতে, ৰাজধানী দিল্লীত শুকুৰবাৰে পুৱা 7.30 বজালৈকে গড় বায়ু গুণমান সূচক (AQI) হৈছে 361 ।

ৰাজধানীৰ বেছিভাগ এলেকাত 350-তকৈ অধিক বায়ু গুণমান সূচক ৰেকৰ্ড কৰা হৈছে । ইয়াৰ ফলত আৱাসীসকলৰ বাবে গুৰুতৰ স্বাস্থ্যৰ চিন্তা বৃদ্ধি হৈছে । পুৱাৰ ভাগত এ কিউ আই আলিপুৰত আছিল 353, আনন্দ বিহাৰত 395, অশোক বিহাৰত ৩৮৭, বাৱানাত ৩৯২, বুৰাৰী ক্ৰছিঙত ৩৯৫, চান্দনী চ'কত ৩৯৫, মথুৰা ৰোডত ৩৭১, ডঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত ৩৭২, আই জি আই বিমানবন্দৰত ৩৭৫, আই টি অ'ত ৩৩৪, জাহাংগীৰপুৰীত ৩৯৪, লোধিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৪৩, লোধী ৰোডত ৩১৪, মুণ্ডকাত ৩৭৪, নজফগড়ত ৩২৯, নেহৰু নগৰত ৩৮৫, নৰ্থ কেম্পাছত ৩৯০, দ্বাৰকাত ৩৫২, ওখলা ফেজ ২ত ৩৬৯, পাঞ্জাৱী বাগত ৩৯২, ছাদিপুৰত ৩৮৮, ছোনিয়া বিহাৰত ৩৯৫, শ্ৰী অৰবিন্দ মাৰ্গত ৩১৪ আৰু ৱাজিৰপুৰত আছিল ৩৮৯ ।

পুৱা প্ৰায় ৭ বজাত আনন্দ বিহাৰত ৩৯৫ এ কিউ আই ৰেকৰ্ড কৰা হয় । আনহাতে, আয়া নগৰত ৩৫২, জাহাংগীৰপুৰীত ৩৯০ আৰু দ্বাৰকাত এ কিউ আই ৩৭৬ ত উপনীত হয় । এই সকলোবোৰ ক্ষেত্ৰত 'অতি শোচনীয়' বায়ুৰ গুণমানৰ স্তৰ উল্লেখ কৰা হৈছে । ইয়াৰ ফলত স্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকি আহিছে ।

দীপাৱলীৰ পিছত এ কিউ আই প্ৰায় 317 ত উপনীত হোৱা ইণ্ডিয়া গে'টেৰে চাইকেল চলাই যোৱা ষ্টিফেনে কয়, "প্ৰদূষণৰ বাবে ভয়ংকৰ ঘটনা ঘটিছে । এইবাৰ অতি হঠাতে প্ৰদূষণ আহিল । মাত্ৰ কেইদিনমান পূৰ্বলৈকে একো নাছিল, আৰু এতিয়া মোৰ ভাতৃ অসুস্থ হৈ পৰিছে । মই ভাতৃৰ সৈতে চাইকেল চলাবলৈ ইয়ালৈ আহিছিলো, কিন্তু শেহতীয়াকৈ তেওঁ প্ৰদূষণৰ দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে । আৰু আজি প্ৰদূষণ অত্যধিক ।"

তেওঁ লগতে কয়, "কালি ইমানেই আতচবাজী আছিল যে মই শুব পৰা নাছিলো । আমি সঁচাকৈয়ে অসুবিধাত পৰিছো; মোৰ ভাতৃৰ অৱস্থা ভয়ানক । আমি আৰু কি কৰিব পাৰোঁ ? প্ৰদূষণে তেওঁৰ শৰীৰত প্ৰভাৱ পেলাইছে- তেওঁৰ ডিঙিত বিষ হৈছে, উশাহ লোৱাটো কঠিন হৈছে, চৰ্দি হৈছে আৰু চকু সাংঘাতিক ৰঙা হৈছে । আৰু বহুত আছে; চাইকেল চলোৱাৰ সময়ত আমি চকু খুলি ৰখাটোও কঠিন ।"

"মই ইয়ালৈ চাইকেল চলাবলৈ আহিছিলো, কিন্তু এতিয়া এইটো এটা ডাঙৰ সমস্যা । বায়ুত যথেষ্ট প্ৰদূষণ আছে আৰু মোৰ চাইকেল চলোৱাত সমস্যা হৈছে । এই প্ৰদূষণ অধিক বেয়া, বিশেষকৈ আতচবাজী আৰু বোমাৰ বাবে, কিন্তু শিশুসকলে আতচবাজীৰ সৈতে খেলি আছে । ই আনকি বাহনবোৰকো প্ৰভাৱিত কৰিছে । ইয়াৰ ফলত কৰ্কট ৰোগ বা অন্যান্য গুৰুতৰ ৰোগ হ'ব পাৰে ।" আন এগৰাকী চাইকেল আৰোহীয়ে এ এন আইৰ আগত কয় ।

উল্লেখ্য যে এই প্ৰদূষণৰ সমস্যা কেৱল দিল্লীতে সীমাবদ্ধ হৈ থকা নাই; চেন্নাই আৰু মুম্বাইৰ দৰে মহানগৰকে ধৰি সমগ্ৰ ভাৰতৰ আন কেইবাখনো চহৰত একে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ কথা জানিব পৰা গৈছে । সেইবোৰত ধোঁৱা আৰু বায়ুৰ নিম্ন গুণমানে বৃহৎ অঞ্চলক প্ৰভাৱিত কৰিছে । চি পি চি বিৰ তথ্যই প্ৰদূষণৰ গুৰুত্বপূৰ্ণ স্তৰ প্ৰদৰ্শন কৰিছে, বিশেষকৈ দীপাৱলী উদযাপনৰ পিচত । দেশজুৰি বায়ুৰ গুণমান আৰু সম্ভাৱ্য স্বাস্থ্যজনিত প্ৰভাৱৰ ক্ষেত্ৰত উদ্বেগ বৃদ্ধি কৰিছে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে দিল্লী চৰকাৰে দেৱালীৰ পিচত ৰূপায়ণ কৰি থকা প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি কয়, "দিল্লীত বায়ু গুণমান সূচক (এ কিউ আই) 'অতি শোচনীয়' শ্ৰেণীত আছে, কিছুমান ক্ষেত্ৰত অত্যন্ত উচ্চ স্তৰ দেখা গৈছে । আজি নিশা দীপাৱলীৰ বাবে দিল্লী আৰু ইয়াৰ জনসাধাৰণৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ নিশা । মই সকলোকে ৰাজ্যজুৰি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ ফটকা জ্বলোৱা পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ । দিল্লীৰ বায়ুৰ গুণমান 'অতি শোচনীয়' হৈ আছে । আজি দীপাৱলীৰ বাবে আজিৰ নিশাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ । চাকি জ্বলাই আৰু মিঠাই বিতৰণ কৰি ইয়াক উদযাপন কৰোঁ আহক । কিন্তু আমি ঘৰত শিশু আৰু বৃদ্ধসকলক সুৰক্ষা দিবলৈ ফটকা পৰিহাৰ কৰিব লাগিব ।" সংবাদ সংস্থা এ এন আয়ে তেওঁক উদ্ধৃত কৰি কয় ।

লগতে পঢ়ক :দেৱালীত বিষাক্ত হৈ পৰিব দিল্লী-এন চি আৰৰ বতাহ; AQI এতিয়াও প্ৰায় 400
লগতে পঢ়ক :অযোধ্যাত একেলগে জ্বলিল দীপাৱলীৰ ২৫ লাখ বন্তি; গঢ়িলে দুটাকৈ বিশ্ব অভিলেখ

ABOUT THE AUTHOR

...view details