অসম

assam

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 11:45 AM IST

Updated : Apr 19, 2024, 12:20 PM IST

ETV Bharat / bharat

মেঘালয়ত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ - Lok Sabha Election 2024

General election in Meghalaya : ১৮ সংখ্যক লোকসভালৈ কোন যাব মেঘালয়ৰ পৰা ? ২,২২৬,৫৬৭ জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য । মেঘালয়ৰ শ্বিলং আৰু তুৰাত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ ৷

Eমেঘালয়ৰ শ্বিলং আৰু তুৰা- দুয়োটা সমষ্টিতে শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ
মেঘালয়ৰ শ্বিলং আৰু তুৰা- দুয়োটা সমষ্টিতে শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ

মেঘালয়ত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ

গুৱাহাটী, ১৯ এপ্ৰিল : চুবুৰীয়া ৰাজ্য মেঘালয়তো পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচন, ২০২৪ ৰ ভোট গ্ৰহণ ৷ মাত্ৰ দুটা লোকসভা সমষ্টিৰে গঠিত মেঘালয়ৰ লোকসভা নিৰ্বাচনত শ্বিলং, তুৰা জনজাতিৰ বাবে সংৰক্ষিত এই দুয়োটা সমষ্টিতে আজি একেলগে হৈছে ভোটগ্ৰহণ ৷ আজি নিৰ্ণয় হ’ব ১৮ সংখ্যক লোকসভালৈ কোন যাব মেঘালয়ৰ পৰা ?

মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া ড৹ বি ডি আৰ তিৱাৰীয়ে জনোৱা অনুসৰি -

  • মেঘালয়ৰ মুঠ ভোটাৰ ২,২২৬,৫৬৭ জন ৷

ইয়াৰে

  • শ্বিলঙ সমষ্টিত: ১,৪০০,৪১১ জন
  • তুৰা সমষ্টিত : ৮২৬,১৫৬ জন

প্ৰথমবাৰ ভোটদান কৰিবলগীয়া ভোটাৰৰ সংখ্যা ৩১,২৪৭ জন ৷ আনহাতে, তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩ আৰু বহিঃৰাজ্যৰ ভোটাৰৰ সংখ্যা ৫ জন ৷ জানিব পৰা মতে, ৰাজ্যখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩,৫১২ টা ৷ মুঠ ভোটগ্ৰহণ কৰ্মী ১৪,০৪৮ জন ৷

ইয়াৰ লগতে এইবাৰৰ লোকসভা নিৰ্বাচনত মেঘালয়ত ম’বাইল শ্বেড’ জ’নৰ অধীনত ১৩৩ টা ভোটকেন্দ্ৰ, ৪০৯ টা মুঠ দুৰ্বল ভোটকেন্দ্ৰ আৰু ২৯ টা মুঠ স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ যোগেদি ভোট গ্ৰহণ কৰা হৈছে ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, অসমৰ সীমান্তত ১৮৭ টা, বাংলাদেশ সীমান্তত ১৪০ টা আৰু অসমৰ মাজেৰে যাবলগীয়া ১২৮ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ।

ইফালে মন কৰিবলগীয়া যে লোকসভা নিৰ্বাচন ২০১৯ ৰ তুলনাত মেঘালয়ত এইবাৰ বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা ৷ মেঘালয়ত এইবাৰ ২০১৯ তকৈ মুঠ ৩১৫,১৯৫ জন অতিৰিক্ত ভোটাৰ । সমগ্ৰ ৰাজ্যখনত ১১,৭২০ জন বিশেষভাৱে সক্ষম ভোটাৰ (পি ডব্লিউ ডি) আৰু ৮৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ ১০,১৮৫ জন ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

ৰাজ্যখনৰ শ্বিলং (এছ টি) লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল -

  • ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিনচেণ্ট পালা
  • নেচনেল পিপলছ পাৰ্টীৰ (NPP)পৰা আম্পাৰিন লিংডো
  • ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ পৰা ৰবাৰ্টজুন খাৰজাহৰিন
  • ভয়েচ অফ দ্য পিপল পাৰ্টিৰ ৰিকি এ জে চিংকন

আনহাতে, দ্বিতীয়টো লোকসভা সমষ্টি তুৰাত (এছ টি) প্ৰাৰ্থীৰ ভিতৰত আছে -

  • ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ছালেং এ চাংমা,
  • নেচনেল পিপলছ পাৰ্টি (এন পি পি)ৰ পৰা আগাথা চাংমা,
  • সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ জেনিথ চাংমা।

উল্লেখ্য যে, মেঘালয়ত কেৱল চাৰিখন এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিচত বৃহস্পতিবাৰলৈ মুঠ ১০.৯৩ কোটি নগদ ধন জব্দ কৰা হৈছে ৰাজ্যখনত ৷

লগতে পঢ়ক :102 খন আসনৰ বাবে দেশত আৰম্ভ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ - Lok Sabha Election 2024

Last Updated : Apr 19, 2024, 12:20 PM IST

ABOUT THE AUTHOR

...view details