তেজপুৰ, ২৯ ফেব্ৰুৱাৰী : মণিপুৰৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আন এজন বিষয়াক আৰম্বাই টেংগলৰ সদস্যসকলে আক্ৰমণ আৰু অপহৰণৰ ২৪ ঘণ্টাৰ পিছত আজি মণিপুৰৰ জেষ্ঠ আৰক্ষী বিষয়াই মুখ খুলিছে । বৃহস্পতিবাৰে ইম্ফলত এক সংবাদমেল অনুষ্ঠিত কৰি দুই জ্যেষ্ঠ আৰক্ষী বিষয়া কে কেবিব আই জি অপাৰেচন আৰু কে জয়ন্ত আই জি প্ৰশাসনিকে এই ঘটনাত দুখ প্ৰকাশ কৰে ।
তেওঁ সংবাদ মাধ্যমক জনায় যে ২৭ তাৰিখে ঘটনা সংঘটিত হোৱাৰ পূৰ্বে MN07-X 7682 আৰু MN01-X-7683 নম্বৰৰ দুখন এম্বেছাদৰ গাড়ী কিছু অজ্ঞাত লোকৰ দ্বাৰা উত্তৰ এ অ’ চিত অৱস্থিত চৰকাৰী তেল ডিপোৰ পৰা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে চুৰি কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । এই তথ্যৰ ভিত্তিত উক্ত বিষয়াসকল অৰ্থাৎ অতিৰিক্ত আৰক্ষী অধীক্ষক মইৰাংথেমঅমিত সিং, পৰিদৰ্শক পি আচৌবা মেইটেই (OC-CDO/IW) আৰু অন্যান্য দলেতালাচী চলাই দুখন বাহন উদ্ধাৰ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল ।
পিচত এই সন্দৰ্ভত এটা গোচৰ নং.১০৬(২)২০২৪ ইম্ফল থানাৰ অধীনত ৩৭৯এ/৪০০/৫০৬/৩৪ আইপিচি আৰু ২৪ (১-বি) অস্ত্ৰ আইন পঞ্জীয়ন কৰি তদন্ত কৰা হৈছে । উল্লেখযোগ্য যে আৰম্বাই টেংগলৰ সদস্যসকলে এই দুই আৰক্ষী বিষয়াক লক্ষ্য নিৰ্ধাৰণ কৰি বিষয়াসকলৰ ওপৰত আক্ৰমণ কৰাৰ লগতে ঘৰ আৰু সম্পত্তি আক্ৰমণ কৰে বুলি তেওঁ জনায় ।
উল্লেখযোগ্য যে অতিৰিক্ত আৰক্ষী অধীক্ষক মইৰাংথেম অমিত সিং, এডি.এছপি (অপছ, আইডব্লিউ), পৰিদৰ্শক আৰ আচৌবা মেইটেই (অ’চি-চিডিঅ’/আইডব্লিউ)আৰু বহুতো আৰক্ষীয়ে অক্লান্তভাৱে কাম কৰি আহিছে আৰু আইন শৃংখলা ৰক্ষাৰ প্ৰচেষ্টাত অৰিহণা যোগাইছে ৷ ৰাজ্যখনৰ বিশেষকৈ ইম্ফল পশ্চিম জিলাত আইন-শৃংখলা নিশ্চিত কৰিছে ।