নেশ্যনেল ডেস্ক,২১ জানুৱাৰী :অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুৱাই ৰাম সেতুৰ আৰিচল মুনাই পইণ্ট পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰীয়ে গৰাকীয়ে পুৱা ৰাম সেতুৰ মূল বিন্দু বা পইণ্ট পৰিদৰ্শন কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী কোঠাণ্ডাৰাম স্বামী মন্দিৰত পূজা কৰে । কোঠাণ্ডাৰাম নামটোৰ অৰ্থ হৈছে ধনুৰ সৈতে ৰাম । ই ধনুষকোডিত অৱস্থিত । কোৱা হয় যে ইয়াতেই ৰাৱণৰ ভাতৃ বিভীষণে প্ৰথমে ভগৱান ৰামক সাক্ষাৎ কৰিছিল আৰু তেওঁৰ আশ্ৰয় বিচাৰিছিল । কিছুমান শাস্ত্ৰৰ মতে এই স্থানত ভগৱান ৰামে বিভীষণৰ ৰাজ্যাভিষেক পৰিচালনা কৰিছিল । ইফালে পুৱাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তিৰুচিৰাপল্লীৰ শ্ৰী ৰংনাথস্বামী মন্দিৰ আৰু দক্ষিণৰ ৰাজ্যখনৰ ৰামেশ্বৰমৰ শ্ৰী অৰুলমিগু ৰামনাথস্বস্বামী মন্দিৰ পৰিদৰ্শন কৰে ।