অসম

assam

By ANI

Published : Jun 12, 2024, 8:55 PM IST

ETV Bharat / bharat

১৮ জুনত প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসী ভ্ৰমণ, মুকলি কৰিব কিষাণ সন্মান নিধিৰ কিস্তি - PM Modi to Visit Varanasi

PM Modi to release KSN instalment: প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীত কৃষকসকলক সন্মান জনাব আৰু সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিব । ইয়াৰ ফলত কাশীৰ প্ৰায় ২,৬৭,৬৬৫ গৰাকী কৃষক উপকৃত হ'ব । এই ভ্ৰমণ তেওঁ কৃষকসকলৰ বাবে উৎসৰ্গা কৰিব । কৃষক সন্মিলনৰ পিচত তেওঁ বাবা কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিব আৰু দশশ্বমেধ ঘাটত বিশ্ববিখ্যাত গংগা আৰতিত অংশগ্ৰহণ কৰিব ।

PM Modi to Visit Varanasi
প্ৰধানমন্ত্ৰী মোদী (Photo @narendramodi)

নিউজ ডেস্ক, ১২ জুন :একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠনৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুনত প্ৰথমবাৰৰ বাবে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এদিনীয়া ভ্ৰমণকালত বাৰাণসীত কিষাণ সন্মিলনত ভাষণ দিব ।

মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত ৪.৫ ঘণ্টা সময় থাকিব । তেওঁ আবেলি প্ৰায় ৪.৩০ বজাত বাবতপুৰৰ লালবাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব । তাৰ পৰা তেওঁ পোনে পোনে অনুষ্ঠানস্থলীলৈ যাব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীক যাত্ৰাপথৰ বিভিন্ন স্থানত বিশাল আদৰণি জনোৱা হ'ব ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীত কৃষকসকলক সন্মান জনাব আৰু সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিব । ইয়াৰ ফলত কাশীৰ প্ৰায় ২,৬৭,৬৬৫ গৰাকী কৃষক উপকৃত হ'ব । এই ভ্ৰমণ তেওঁ কৃষকসকলৰ বাবে উৎসৰ্গিত কৰিব । কৃষক সন্মিলনৰ পিচত তেওঁ বাবা কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিব আৰু দশশ্বমেধ ঘাটত বিশ্ববিখ্যাত গংগা আৰতিত অংশগ্ৰহণ কৰিব ।

এই সন্দৰ্ভত কাশী বিজেপিৰ সভাপতি দিলীপ পেটেলে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা সাংসদ আৰু তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় । তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আৰু বাৰাণসীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত তেওঁ ১৮ জুনত বাৰাণসীলৈ আহি আছে ।"

পেটেলে লগতে কয়, "মোদীৰ গেৰাণ্টি সকলোৱে জানে; তেৱেঁই একমাত্ৰ বিশ্বাসযোগ্য নেতা, যিয়ে তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰে । প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিচত তেওঁৰ প্ৰাৰম্ভিক প্ৰচেষ্টা কৃষকসকলৰ ওপৰতে কেন্দ্ৰীভূত হৈছিল । বাৰাণসীত তেওঁ ২০,০০০ কোটি টকাৰো অধিক পৰিমাণৰ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি কৃষকসকলক বিতৰণ কৰিব । তেওঁ বাৰাণসী লোকসভাৰ সেৱাপুৰী বিধানসভাৰ মেহেন্দিগঞ্জ গ্ৰামসভাত কৃষক সন্মিলনত ভাষণ প্ৰদান কৰিব আৰু কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিব ।"

আনহাতে, বাৰাণসীত বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । দলীয় কৰ্মীসকল প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে । সকলো দলীয় কৰ্মীক কৃষক সন্মিলনৰ দায়িত্ব দিয়া হৈছে ।

উল্লেখ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীত কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক ১,৫২,৫১৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৬,১২,৯৭০ টা ভোট লাভ কৰাৰ বিপৰীতে অজয় ৰায়ে ৪,৬০,৪৫৭ টা ভোট লাভ কৰে । আনহাতে, বহুজন সমাজ পাৰ্টীৰ প্ৰাৰ্থী আথাৰ জামাল লাৰীয়ে ৩৩,৭৬৬ টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে । ইফালে লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এন ডি এয়ে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে জয়লাভ কৰে ।

লগতে পঢ়ক :আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে - Chandrababu Swearing in Ceremony

ABOUT THE AUTHOR

...view details