ETV Bharat / politics

ব্যক্তিগত কাৰণত ওড়িশাৰ ৰাজ্যপালক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ ! - Himanta Biswa Sarma - HIMANTA BISWA SARMA

Himanta Biswa Sarma in Odisha : সকলো ৰাজনৈতিক প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সম্পূৰ্ণ ব্যক্তিগত কাৰণতহে ওড়িশাৰ ৰাজ্যপালক সাক্ষাৎ কৰা বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দুঘণ্টা ধৰি ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কিধৰণৰ আলোচনাত বহিল ড৹ শৰ্মা ?

Himanta Biswa Sarma meet in Odisha
ওড়িশাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (X/@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 10:23 PM IST

Updated : Sep 27, 2024, 11:00 PM IST

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : শুকুৰবাৰে মাত্ৰ দুঘণ্টাৰ বাবে ওড়িশাত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ওড়িশা ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাজ্যপাল ৰঘুবৰ দাসক সাক্ষাৎ কৰে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যপাল দাসক ৰাজভৱনত পৃথকে সাক্ষাৎ কৰাৰ উপৰিও তেওঁৰ সৈতে সৌজন্যমূলক সাক্ষাতো কৰে ৷

ওড়িশা ভ্ৰমণ সন্দৰ্ভত ড৹ শৰ্মাই কয়, ‘‘মই আজি দুঘণ্টাৰ বাবে ওড়িশালৈ আহিছো ৷ ওড়িশাৰ ৰাজ্যপাল মহোদয়ক লগ কৰিবলৈ আহিছো ৷ কিছু ব্যক্তিগত বাৰ্তালাপ আছে ৷ ব্যক্তিগত কামতেই আজি মই ওড়িশালৈ আহিছো ৷’’

ওড়িশাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সমিতিৰ প্ৰভাৰী ড৹ শৰ্মাই কয়, ‘‘ঝাৰখণ্ডৰ নিৰ্বাচনৰ কামতো মই লাগি আছো ৷ কিন্তু ৰঘুবৰ দাসক লগ কৰা আৰু ঝাৰখণ্ড নিৰ্বাচনৰ মাজত একো সম্বন্ধ নাই ৷ ৰাজ্যপাল ডাঙৰীয়াক মই ব্যক্তিগত কামতে লগ কৰিবলৈ আহিছো ৷’’

উল্লেখ্য যে সম্পূৰ্ণ ব্যক্তিগত কামত ওড়িশা ভ্ৰমণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সকলো ৰাজনৈতিক প্ৰশ্নৰ উত্তৰৰ পৰা আঁতৰি থাকে ৷ পৰৱৰ্তী সময়ত ওড়িশা ভ্ৰমণতহে আন বিষয়ত মন্তব্য কৰিব বুলি ড৹ শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড নিৰ্বাচনৰ পূৰ্বে ৰঘুবৰ দাসৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনাত বহা বিষয়টো চৰ্চিত হৈ পৰিছে ৷ কিয়নো ওড়িশাৰ ৰাজ্যপাল তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলিছে ৷ তদুপৰি তেওঁ ২৫ ছেপ্টেম্বৰৰ পূৰ্বে জামছেদপুৰত চাৰিদিন কটাইছিল ৷

উল্লেখ্য যে ওড়িশাত ২ ঘণ্টাজোৰা আলোচনাত বহা ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন মাঝিকো সাক্ষাৎ কৰে ৷ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত এক দীঘলীয়া আলোচনা হয় ৷ উল্লেখ্য যে ৰাজ্যখনত বিজেপি দল শাসনলৈ অহাৰ পিছত এয়া হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম ওড়িশা ভ্ৰমণ ৷ 2024ৰ ওড়িশা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত মুখ্য ভূমিকা পালন কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ ঝাৰখণ্ড চৰকাৰ

কংগ্ৰেছে দেশখনক অস্থিৰ কৰি তোলাৰ প্ৰচেষ্টা চলাইছে; আকৌ ৰাহুললৈ হিমন্ত বিশ্বৰ এপাত শৰ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

Last Updated : Sep 27, 2024, 11:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.