নতুন দিল্লীঃ এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে মঙলবাৰে নিশ্চিত কৰে যে 23 অক্টোবৰ, বুধবাৰে ব্ৰিকছ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব।
ৰাছিয়াৰ অধ্যক্ষতাত কাজানত 22-24 অক্টোবৰলৈ ষোড়শ ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈছে।
উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা কেইবাসপ্তাহ ধৰি ভাৰত আৰু চীনা কূটনৈতিক আৰু সামৰিক আলোচনাকাৰীসকলে বিভিন্ন মঞ্চত ইজনে সিজনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক তৈয়াৰ কৰাৰ বাবে তৎপৰ হৈছে বুলি সদৰী কৰাৰ পিছত এই বৈঠক অনুষ্ঠিত হ’বলৈ গৈ আছে ।
আৰু এই আলোচনাৰ ফলস্বৰূপে, ভাৰত-চীন সীমান্ত অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল ব্যৱস্থাৰ ওপৰত চুক্তি তৈয়াৰ কৰা হৈছে, যাৰ ফলত 2020 চনত এই অঞ্চলসমূহত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ পথ সুৃগম হ'ব বুলি ধাৰণা কৰা হৈছে। পৰৱৰ্তী সময়ত ভাৰত-চীন দুয়ো দেশে এই ক্ষেত্ৰত ভৱিষ্যৎ কাৰ্যপন্থা গ্ৰহণ কৰিব ৷
প্ৰধানমন্ত্ৰী মোদীৰ কাজান ভ্ৰমণ সন্দৰ্ভত বিশেষ সংবাদমেলত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এলএচি সীমান্তত টহলৰ ক্ষেত্ৰত ভাৰত-চীন চুক্তিত উপনীত হোৱাৰ সন্দৰ্ভত কয়, "আলোচনাৰ অধীনত থকা অমীমাংসিত এলেকাসমূহত, য'তেই প্ৰযোজ্য হয়, 2020 চনৰ পূৰ্বৰ দৰে পৰিস্থিতি ঘূৰি আহিব"।
"যদি আগতে হোৱা সংঘৰ্য বিৰতি চুক্তিবোৰৰ কথা হয়, এই আলোচনাত সেই চুক্তিবোৰ পুনৰ উত্থাপন কৰা হোৱা নাছিল। কালি হোৱা চুক্তিখন যোৱা কেইবছৰমান ধৰি অমীমাংসিত হৈ থকা বিষয়বোৰৰ ওপৰত কেন্দ্ৰীভূত আছিল", বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়।