নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰী:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লীৰ ভাৰত মণ্ডপমত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ “ৰাজ্যসমূহৰ বিকাশৰ গতি বৃদ্ধি আৰু অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰিছে যাতে তেওঁ উন্নয়নৰ দুটা ইঞ্জিনৰ সহায় লৈ বিকশিত ভাৰত গঢ়ি তুলিব পাৰে । প্ৰধানমন্ত্ৰী মোদীয়ে Xযোগে জনায় এই কথা ।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি সন্দৰ্ভত আলোচনা চলা এই বৈঠকত অংশ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও । ইফালে, দেওবাৰে মোদীৰ নেতৃত্বত থকা চৰকাৰখনে বিগত সময়খিনিত সাহসী আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ সাক্ষ্য বহন কৰে বুলি দাবী কৰে ।
দেওবাৰে অত্যাধুনিক ভাৰত মণ্ডপমত বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ সামৰণি দিৱসত দলীয় নেতা-সমৰ্থকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমাৰ চৰকাৰে যোৱা 10 বছৰে সাহসী আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ সাক্ষ্য হিচাপে থিয় দিছে ৷ যুগ যুগ ধৰি বাকী থকা কামবোৰ আমি সমাধান কৰিলো । অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰি পাঁচ শতিকাৰ আগৰ এটা সপোন দিঠকত পৰিণত কৰিলো । দেশখন বিশেষকৈ জম্মু-কাশ্মীৰৰ পৰা প্ৰায় 7 টা দশকৰ পিচত 370 অনুচ্ছেদ আঁতৰোৱা হ’ল । লগতে স্বাধীনতাৰ পিচত আমাক ছয় দশক সময় লাগিল ‘ৰাজপথ’ৰ নাম সলনি কৰি ‘কৰ্তব্য পথ’ কৰিবলৈ । ‘এক ৰেংক, এক পেঞ্চন’ৰ দাবীও আমাৰ চৰকাৰে চাৰি দশকৰ পিছত পূৰণ কৰিলে ।"