অসম

assam

ETV Bharat / bharat

ৰাজ্যসভাৰ সাংসদৰ বিদায় ভাষণত মনমোহন সিঙক প্ৰশংসা মোদীৰ

PM Modi on Manmohan Singh : প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এগৰাকী সাংসদ হিচাপে তেওঁৰ কৰ্তব্যৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "তেওঁ কাক সমৰ্থন কৰিছে সেয়া গুৰুত্বপূৰ্ণ নহয় । মই বিশ্বাস কৰোঁ যে তেওঁ আমাৰ গণতন্ত্ৰক সমৰ্থন কৰি আছে ।"

By ANI

Published : Feb 8, 2024, 1:52 PM IST

মনমোহন সিঙক প্ৰশংসা মোদীৰ
মনমোহন সিঙক প্ৰশংসা মোদীৰ

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাজ্যসভাৰ পৰা অৱসৰগ্ৰহণকাৰী সদস্যসকলক বিদায় জনোৱাৰ সময়ত তেওঁৰ পূৰ্বসূৰী মনমোহন সিঙৰ 'অপৰিসীম অৱদান'ৰ প্ৰশংসা কৰে ।

"মই আজি ডঃ মনমোহন সিঙক স্মৰণ কৰিব বিচাৰোঁ । এগৰাকী নেতা আৰু বিৰোধী হিচাপে তেওঁৰ অমূল্য চিন্তাৰে সদনত তেওঁৰ অৱদান অপৰিসীম । ইমান দীঘলীয়া সময়ৰ বাবে তেওঁ যেনেধৰণে এই সদন আৰু দেশক পথ প্ৰদৰ্শন কৰিছে, ডঃ মনমোহন সিং ইয়াৰ বাবে সদায় স্মৰণীয় হৈ থাকিব ।" প্ৰধানমন্ত্ৰী মোদীয়ে উচ্চ সদনত তেওঁৰ ভাষণৰ সময়ত কয় ।

ৰাজ্যসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এগৰাকী সাংসদ হিচাপে তেওঁৰ কৰ্তব্যৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "তেওঁ কাক সমৰ্থন কৰিছে সেয়া গুৰুত্বপূৰ্ণ নহয় । মই বিশ্বাস কৰোঁ যে তেওঁ আমাৰ গণতন্ত্ৰক সমৰ্থন কৰি আছে ।"

উল্লেখ্য যে ২০২৩ চনৰ আগষ্ট মাহত মনমোহন সিঙে দিল্লী চৰকাৰৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৩ৰ ওপৰত ভোটদান কৰিবলৈ হুইলচেয়াৰত বহি ৰাজ্যসভাত উপস্থিত হৈছিল ।

উক্ত ঘটনাটো স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে নিজৰ ভাষণত কয়, "ডঃ মনমোহন সিংজী হুইলচেয়াৰত বহি সংসদলৈ আহিছিল । তেওঁ তেওঁৰ দায়িত্বৰ প্ৰতি কিমান সচেতন সেয়াই প্ৰমাণ । কেৱল সেয়াই নহয়, মই লক্ষ্য কৰিছোঁ যে যেতিয়াই কোনো সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হয়, তেওঁ ভোট দিবলৈ আহে । প্ৰশ্নটো এইটো নহয় যে তেওঁ কাক সমৰ্থন কৰিবলৈ আহে, মই বিশ্বাস কৰোঁ তেওঁ গণতন্ত্ৰক শক্তি প্ৰদান কৰিবলৈ আহে ।"

উল্লেখ্য যে ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলে বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় ৰাজধানীত অধ্যক্ষ জগদীপ ধনখড়ৰ বাসগৃহত এক বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰিব । আহাতে, সংসদে বৃহস্পতিবাৰে কেন্দ্ৰীয় অন্তৰ্ৱৰ্তীকালীন বাজেট, ২০২৪-২৫ আৰু জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ অন্তৰ্ৱৰ্তীকালীন বাজেট সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিব ।

কংগ্ৰেছ নেতৃত্বাধীন ইউপিএক পৰাস্ত কৰি বিজেপিয়ে কেন্দ্ৰত শাসনত অধিষ্ঠিত হোৱাৰ ২০১৪ চনৰ পূৰ্বৰ আৰু পিছৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশৰ বাবে সংসদৰ চলিত বাজেট অধিবেশনৰ সময় ১০ ফেব্ৰুৱাৰীলৈকে এদিন বৃদ্ধি কৰা হৈছে । ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱৰ সন্দৰ্ভত সংসদৰ দুয়োখন সদনত তেওঁৰ উত্তৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ইউপিএ চৰকাৰৰ অৰ্থনীতিৰ অপব্যৱহাৰ আৰু ইয়াৰ দুৰ্নীতি আৰু নীতিগত পক্ষাঘাতক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক :মতানৈক্য সমাধানৰ প্ৰয়াসত গৃহমন্ত্ৰী-বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰে বৈঠক টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ

ABOUT THE AUTHOR

...view details