নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: গুজৰাটত আৰব সাগৰৰ পাঞ্চকুই উপকূলত স্কুবা ডাইভিং কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পানীত ডুব যোৱা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাটো এক “ঐশ্বৰিক অভিজ্ঞতা” ৷ সামাজিক মাধ্যম X ত টা পোষ্ট কৰি স্কুবা ড্ৰাইভিং অভিজ্ঞতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “পানীত ডুব যোৱা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাটো আছিল এক অতি ঐশ্বৰিক অভিজ্ঞতা । আধ্যাত্মিক ভৱিষ্যৎ আৰু কালজয়ী ভক্তিপূৰ্ণ এক প্ৰাচীন যুগৰ সৈতে জড়িত অনুভৱ কৰিলোঁ। ভগৱান শ্ৰী কৃষ্ণই আমাক সকলোকে আশীৰ্বাদ কৰক ।"
তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে এক সমাৱেশত ভাষণ দি কংগ্ৰেছক আক্ৰমণ কৰি কয় যে মাত্ৰ এটা পৰিয়ালৰ অগ্ৰগতি নিশ্চিত কৰিবলৈ কংগ্ৰেছৰ সমগ্ৰ শক্তি ব্যৱহাৰ কৰা হৈছে ।
কংগ্ৰেছৰ শাসনত আগতে সকলো ধৰণৰ কেলেংকাৰি সংঘটিত হৈছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয় । ‘‘২০১৪ চনত যেতিয়া আপোনালোকে মোক দিল্লীলৈ পঠিয়াইছিল, তেতিয়া মই প্ৰতিশ্ৰুতি দিছিলো যে মই আৰু দেশখনত লুটপাত হ’বলৈ নিদিওঁ । কংগ্ৰেছৰ কাৰ্যকালত চলি থকা কেলেংকাৰী এতিয়া বন্ধ হৈ গৈছে । যোৱা ১০ বছৰত আমি ভাৰতক ৫ম বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তুলিলোঁ ।’’ মোদীয়ে কয়।