অসম

assam

ETV Bharat / bharat

গুনাত বিমান দুৰ্ঘটনাগ্ৰস্ত, গুৰুতৰভাৱে আহত প্ৰশিক্ষাৰ্থী মহিলা পাইলট - Trainer Aircraft Crashes In Guna

Guna Plane Crash: মধ্যপ্ৰদেশৰ গুনাত এখন প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত ৷ এই ঘটনাত এগৰাকী প্ৰশিক্ষাৰ্থী মহিলা পাইলট গুৰুতৰভাৱে আহত হয়।

Guna Plane Crash
মধ্যপ্ৰদেশৰ গুনাত বিমান দুৰ্ঘটনাগ্ৰস্ত

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 8:03 PM IST

নিউজ ডেস্ক, 6 মাৰ্চ : মধ্যপ্ৰদেশৰ গুনাত অঘটন ৷ নীমুচৰ পৰা সাগৰলৈ যোৱা এখন ট্ৰেইনি বিমান গুনাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰা গৈছে ৷ এই দুৰ্ঘটনাত এগৰাকী প্ৰশিক্ষাৰ্থী মহিলা পাইলট আহত হোৱা বুলি জানিব পৰা গৈছে ৷ বিমানখন নীমুচৰ পৰা সাগৰলৈ উৰা মাৰিছিল ৷ কিন্তু গুনাৰ ওচৰত বিমানখনৰ ইঞ্জিন বিকল হৈ পৰে ৷ ফলত প্ৰশিক্ষাৰ্থী পাইলটগৰাকীয়ে গুনা বিমানবন্দৰত অৱতৰণ কৰাৰ অনুমতি বিচাৰিছিল ৷ কিন্তু গুনা হেলিপেডৰ ৰাণৱেত অৱতৰণ কৰাৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ এটা পুখুৰীৰ পাৰত বাগৰি পৰে ৷

ইঞ্জিন বিকল হোৱাৰ বাবে সংঘটিত দুৰ্ঘটনা-

লাভ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি বুধবাৰে বিয়লি প্ৰায় 3 বজাত বিমানখনৰ বিজুতি ঘটাত 22 বছৰীয়া প্ৰশিক্ষাৰ্থী পাইলট নেন্সি মিশ্ৰই গুনা বিমানবন্দৰৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিছিল ৷ য’ত প্ৰশিক্ষাৰ্থী পাইলটগৰাকীয়ে বিমানখন গুনা ৰাণৱেত অৱতৰণ কৰাৰ অনুমতি বিচাৰিছিল ৷ অনুমতি লাভ কৰাৰ পিচত পাইলটে বিমানখনৰ উচ্চতা হ্ৰাস কৰি গুনা ৰাণৱেত অৱতৰণ কৰাৰ সময়তে বিমানখন জোপোহাৰ মাজত খুন্দা মাৰে ৷ অৱতৰণৰ সময়ত বিমানখন ৰাণৱে পাৰ হৈ গোপালপুৰা অভিমুখে যায় ৷ য'ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ এটা পুখুৰীৰ পাৰৰ জোপোহাৰ মাজত পৰে ৷

দুৰ্ঘটনাত আহত প্ৰশিক্ষাৰ্থী মহিলা পাইলট-

এই দুৰ্ঘটনাত আহত হৈছে প্ৰশিক্ষাৰ্থী মহিলা পাইলট নেন্সি মিশ্ৰ ৷ বৰ্তমান তেওঁক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিচতে অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৷ দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ সৈতে কেণ্ট আৰক্ষীয়ো সেই স্থানত উপস্থিত হয় আৰু আৰক্ষীয়ে তৎপৰতা দেখুৱাই মহিলা পাইলটগৰাকীক উদ্ধাৰ কৰি বিমান সংস্থাটোলৈ এই ঘটনাৰ খবৰ প্ৰেৰণ কৰে ৷ শেহতীয়াকৈ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিডিঅ’ পোহৰলৈ আহিছে, য’ত বিমানখনৰ ধ্বংসাৱশেষ দেখা পোৱা গৈছে ৷

লগতে পঢ়ক :ৰামেশ্বৰম কেফেৰ বিস্ফোৰণ : অভিযুক্তৰ তথ্য দিওঁতালৈ 10 লাখ টকাৰ পুৰস্কাৰ ঘোষণা "নিয়া"ৰ

ABOUT THE AUTHOR

...view details