অসম

assam

ETV Bharat / bharat

আনন্দ মেলাত অঘটন; প্ৰায় ৩০ ফুট উচ্চতাৰ পৰা ভাগি পৰিল ঘূৰ্ণন ঝুলনা - SWING BROKE IN UTTAR PRADESH

প্ৰায় ৩০ ফুট উচ্চতাৰ পৰা ভাগি পৰিল এখন ঘূৰ্ণন ঝুলনা ৷ ফলত গুৰুতৰভাৱে আহত হয় ৫ জন ৷

People injured in an accident etawah when swing broke Uttar Pradesh
ভাগি পৰিল এখন ঘূৰ্ণন ঝুলনা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 2:28 PM IST

উত্তৰ প্ৰদেশ :আপুনি বাৰু কেতিয়াবা আনন্দ মেলাগৈ গৈছেনে ? যদিহে মেলালৈ গৈছে, তেন্তে আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে মেলাত প্ৰদৰ্শন কৰা বিভিন্ন দোলন বা ঝুলনা ৷ সেই দোলন বা ঝুলনাত এবাৰ বহিবলৈ আপোনাৰো নিশ্চয় মন যায় নাইবা সেই ঝুলনাত বহি আপুনি ভালপায় ৷

পিছে ৰ’ৱ; আনন্দ মেলাৰ সেই দোলন বা ঝুলনাত উঠাৰ আগত পঢ়ি লওক আমাৰ এই প্ৰতিবেদন ৷ এক নিৰ্দিষ্ট সময়ৰ বাবে এটা স্থানত অহা এই আনন্দ মেলাত প্ৰদৰ্শন কৰা দোলন বা ঝুলনা কিমান মজবুত বা ভৰষাযোগ্য সেয়া কোনেও ক’ব নোৱাৰে !

এইকাৰণেই আমি এই কথা উল্লেখ কৰিছো, সোমবাৰে এখন আনন্দ মেলাত সংঘটিত হৈছে এক অঘটন ৷ মেলাত থকা এখন ঘূৰ্ণন ঝুলনা চলি থাকোতে হঠাৎ ভাগি পৰে ৷ ঘূৰ্ণন ঝুলনাৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় ৫ জন লোক ৷ লগে লগে আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে, আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাত ৷ সোমবাৰে ইটাৱা মহোৎসৱত এখন ৬০ ফুট ওখ এখন ঘূৰ্ণন ঝুলনা ভাঙি প্ৰায় ৩০ ফুট উচ্চতাৰ পৰা বাগৰি পৰে । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫ জন লোকক ছাইফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

এই সমগ্ৰ বিষয় সন্দৰ্ভত এছডিএম বিক্ৰম ৰাঘৱে কয়, ‘‘সোমবাৰে ঘূৰ্ণন ঝুলনা ভাঙি পৰে, য’ত ৫ জন লোক আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বৰ্তমান বিষয়টোৰ তদন্ত চলি আছে ৷ দোষী সাব্যস্ত হ’লে তেওঁৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷’’

  • অতীতৰ ঘটনাৰ পৰা কোনো শিক্ষা গ্ৰহণ কৰা নাই :

ইটাৱা উৎসৱত সংঘটিত হোৱাটো এই দুৰ্ঘটনাটো প্ৰথম নহয় । যোৱা বছৰো ঘূৰ্ণন ঝুলনা দুৰ্ঘটনা সংঘটিত হৈছিল ৷

  • সুৰক্ষাৰ মানদণ্ডৰ প্ৰতি অৱজ্ঞা :

দুৰ্ঘটনাৰ পিছতে ঘূৰ্ণন ঝুলনাৰ ঠিকাদাৰ আৰু শ্ৰমিকৰ কৰ্মক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে । যদিহে ঘূৰ্ণন ঝুলনাবোৰ সময়ে সময়ে পৰিদৰ্শন আৰু মেৰামতি কৰে তেন্তে এই দুৰ্ঘটনা সংঘটিত নঘটিলেতেনে ৷ সুৰক্ষা ব্যৱস্থা মজবুত নোহোৱাৰ বাবে সঘনে এনে ঘটনা সংঘটিত হৈ আহিছে বুলিও একাংশই মত প্ৰকাশ কৰে ৷

  • স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিলে :

এই দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় সংবাদ মাধ্যমৰ জৰিয়তে লোকে প্ৰশাসনক তীব্ৰ সমালোচনা কৰে । দুৰ্ঘটনাৰ উদ্ধৃতি দি স্থানীয় লোকে নিৰাপত্তা ব্যৱস্থা উন্নত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

এই ঘটনাৰ পাচতে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগীৰ পৰিয়ালে মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে । লগতে ঘূৰ্ণন ঝুলনা ঠিকাদাৰ আৰু মহোৎসৱ আয়োজক সমিতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । লগতে ভৱিষ্যতে যাতে পুনৰ এনে ঘটনা সংঘটিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক :আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত এগৰাকী ১০ বছৰীয়া নাবালিকা

লগতে পঢ়ক :আৰক্ষীৰ অভিযানত কোটি টকাৰ ইয়াবা টেবলেট জব্দ: আটক ২

ABOUT THE AUTHOR

...view details