অসম

assam

ETV Bharat / bharat

অনুপ্ৰৱেশকাৰীক পাকিস্তানৰ নাগৰিক বুলি স্বীকাৰ; মৃতদেহ পাক ৰেঞ্জাৰক হস্তান্তৰ ভাৰতীয় সেনাৰ

Pakistani Infiltrator Shoot Down : আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে শ্ৰীগংগানগৰ জিলাত এজন পাকিস্তানী লোকক সুৰক্ষা বাহিনীয়ে অবৈধভাৱে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত গুলীয়াই হত্যা কৰে । পাকিস্তানে প্ৰথমতে ব্যক্তিগৰাকীক তেওঁলোকৰ দেশৰ নাগৰিক হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল । কিন্তু পিছত তেওঁৰ মৃতদেহটো চমজি লয় ।

অনুপ্ৰৱেশকাৰীক পাকিস্তানৰ নাগৰিক বুলি স্বীকাৰ
অনুপ্ৰৱেশকাৰীক পাকিস্তানৰ নাগৰিক বুলি স্বীকাৰ

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 10:45 AM IST

নিউজ ডেস্ক, ৯ মাৰ্চ :ভাৰত-পাক সীমান্তৰ ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত নিহত এজন পাকিস্তানী নাগৰিকক এক ফ্লেগ মিটিঙৰ অন্তত পাকিস্তান ৰেঞ্জাৰক গতাই দিয়া হয় । অৱশ্যে পাকিস্তানী ৰেঞ্জাৰসকলে নিহত লোকজনক পাকিস্তানী নাগৰিক বুলি মানি ল'বলৈ সাজু হোৱা নাছিল । কিন্তু ফ্লেগ মিটিঙৰ পিছত পাকিস্তানে নিহত নাগৰিকজনক তেওঁলোকৰ দেশৰ নাগৰিক হিচাপে গ্ৰহণ কৰে ।

বিএছএফৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই পাকিস্তানী নাগৰিকজনে বৃহস্পতিবাৰে মাজনিশা শ্ৰীগংগানগৰ জিলাৰ কেশিংঘপুৰৰ সুন্দৰপুৰা বিঅ'পিৰ ওচৰত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল । বিএছএফৰ জোৱানসকলে পাকিস্তানী নাগৰিকজনক ভাৰতীয় সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দেখা পোৱাৰ লগে লগে তেওঁক বাধা প্ৰদান কৰে আৰু সতৰ্ক কৰি দিয়ে । কিন্তু তেওঁ বিএছএফৰ বাধা নামানি আগবাঢ়ি যায় ।

এনে পৰিস্থিতিত বিএছএফৰ জোৱানে গুলীচালনা কৰাত ব্যক্তিজনৰ মৃত্যু হয় । ইয়াৰ পিছত বিএছএফ আৰু আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয় । তথ্য অনুসৰি, বিএছএফৰ জোৱানসকলে ৯ ৰাউণ্ড গুলীচালনা কৰিছিল । নিহত পাকিস্তানী নাগৰিকজনৰ বয়স প্ৰায় ৩০ বছৰ । ইয়াৰ পিছত বিএছএফ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অঞ্চলটোত এক তালাচী অভিযান চলায় ।

তথ্য অনুসৰি, পূৰ্বতে পাকিস্তানী ৰেঞ্জাৰসকলে নিহত ব্যক্তিজনক পাকিস্তানী বুলি মানি ল'বলৈ সাজু হোৱা নাছিল । কিন্তু ফ্লেগ মিটিঙৰ পিছত পাকিস্তানী ৰেঞ্জাৰসকলে অৱশেষত তেওঁক পাকিস্তানৰ নাগৰিক হিচাপে গ্ৰহণ কৰে । ইয়াৰ পিছত ভাৰতীয় সেনাই মৃতদেহটো তেওঁলোকৰ হাতত গতাই দিয়ে ।

উল্লেখ্য যে বিগত চাৰি বছৰত ভাৰতীয় সীমান্তত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত চাৰিজন অনুপ্ৰৱেশকাৰী নিহত হৈছে । পাকিস্তানী অনুপ্ৰৱেশকাৰীসকলে অনুপগড়ৰ পৰা দুবাৰ, এবাৰ ৰাইজিংনগৰৰ পৰা আৰু এবাৰ শ্ৰীগঙ্গানগৰ ছেক্টৰৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল ।

লগতে পঢ়ক :মণিপুৰত অপহৃত সেনা জোৱানক উদ্ধাৰ সুৰক্ষা বাহিনীৰ

ABOUT THE AUTHOR

...view details