বিকানেৰ :১৪ ফেব্ৰুৱাৰী বুলি ক'লে বিশ্বৰ বিভিন্ন প্ৰান্তত ভেলেণ্টাইন ডে' উদযাপন কৰা হয় । যাক প্ৰেমৰ দিৱস বুলিও কোৱা হয় । কিন্তু এই পশ্চিমীয়া সংস্কৃতিৰ পৰা আঁতৰি আহি শিশুসকলক ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ সৈতে চিনাকি কৰাই দিবলৈ ৰাজস্থান প্ৰশাসনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজস্থানৰ সকলো বিদ্যালয়তে এইবাৰ ১৪ ফেব্ৰুৱাৰীত পিতৃ-মাতৃ দিৱস উদযাপন কৰা হ'ব । ভেলেণ্টাইন ডে'ৰ বিপৰীতে শিক্ষাৰ্থীসকলক অভিভাৱকৰ গুৰুত্বৰ কথা বুজাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।
ভেলেণ্টাইন ডে'ত বিদ্যালয়ত পিতৃ-মাতৃ দিৱস
উল্লেখ্য যে প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে' উদযাপন কৰাৰ ফলত যুৱচামৰ মাজত এক বিশেষ উন্মাদনা দেখা যায়, কিন্তু এইবাৰ শিক্ষা বিভাগে পশ্চিমীয়া সংস্কৃতিৰ পৰা আঁতৰি শিশুসকলক ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ সৈতে চিনাকি কৰাই দিবলৈ এই প্ৰয়াস কৰিছে । এই সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালক সীতাৰাম জাটে এক নিৰ্দেশনা জাৰি কৰি ৰাজ্যখনৰ সকলো যুটীয়া সঞ্চালক আৰু জিলা শিক্ষা বিষয়াক অৱগত কৰিছে । অৱশ্যে, এই আদেশটোৱে পিতৃ-মাতৃ দিৱস উদযাপনৰ বাবে কোনো নিৰ্দিষ্ট নিৰ্দেশনা প্ৰদান কৰা নাই, কিন্তু এইটো স্পষ্ট কৰা হৈছে যে এই দিনটো সন্মানজনকভাৱে উদযাপন কৰিবলৈ বিদ্যালয়সমূহত অনুষ্ঠানৰ আয়োজন কৰা উচিত ।