অসম

assam

ETV Bharat / bharat

ৰতন টাটাৰ উত্তৰসূৰীৰূপে টাটা ট্ৰাষ্টৰ অধ্যক্ষ পদত নিযুক্ত হ’ল নোৱেল টাটা

9 অক্টোবৰত 86 বছৰ বয়সত ৰতন টাটাৰ মৃত্যুৰ পিছত তেওঁৰ সতীয়া ভায়েক নোৱেল টাটাক টাটা ন্যাসৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 3:05 PM IST

NOEL TATA
নোৱেল টাটা (IANS)

নিউজ ডেস্ক, 11 অক্টোবৰ: ৯ অক্টোবৰত প্ৰখ্যাত উদ্যোগপতি ৰতন নভল টাটাই 86 বছৰ বয়সত মৃত্যু বৰণ কৰাৰ পিছত তেওঁৰ সতীয়া ভায়েক নোৱেল টাটাক টাটা গ্ৰুপৰ জনকল্যাণকাৰী শাখা টাটা ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

নোৱেলৰ এই নিযুক্তি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে কিয়নো টাটা ট্ৰাষ্ট, বিবিধ টাটা ব্ৰেণ্ডৰ হোল্ডিং কোম্পানী টাটা ছন্সৰ 66 শতাংশ অংশীদাৰীত্বৰ মালিক, যাৰ ঐতিহ্য 150 বছৰতকৈও অধিক পুৰণি ৷ ভাৰতৰ অন্যতম সন্মানীয় কৰ্পোৰেট ব্যৱসায়ী হিচাপে পৰিচিত ৰতন টাটাই টাটা গ্ৰুপক বিভিন্ন উদ্যোগ স্থাপনৰ মাধ্যমেৰে এক বিশাল এক গোলকীয় বাণিজ্যিক শক্তিলৈ ৰূপান্তৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

2000 দশকৰ আৰম্ভণিতে টাটা গ্ৰুপত যোগদান কৰাৰ পিছত টাটা ষ্টীল আৰু টাইটানৰ উপাধ্যক্ষ হিচাপে, নোৱেলে ব্যৱসায়িক গোষ্ঠীটোৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চলিত বছৰৰ আৰম্ভণিতে, নোৱেল টাটাৰ তিনি সন্তান - লিয়াহ, মায়া আৰু নেভিলক ছাৰ ৰতন টাটা ট্ৰাষ্ট আৰু ছাৰ ডোৰাবজী টাটা ট্ৰাষ্টৰ সৈতে সম্পৰ্কিত একাধিক ন্যাসত সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল।

লিয়াহ বৰ্তমান ইণ্ডিয়ান হোটেলত উপ-সভাপতি আৰু মায়া টাটা কেপিটেলৰ সৈতে জড়িত। নেভিল ট্ৰেণ্ট আৰু ষ্টাৰ বজাৰৰ নেতৃত্বৰ সৈতে জড়িত। টাটা ট্ৰাষ্ট হৈছে সেই মাতৃ সংগঠন যি ইয়াৰ অন্তৰ্গত 14 খন টাটা ট্ৰাষ্টৰ সকলো কাম-কাজ পৰিচালনা কৰে।

টাটা ট্ৰাষ্টৰ ওচৰত টাটা ছন্চৰ 65.3 শতাংশ মালিকীস্বত্ব আছে আৰু ই ভাৰতৰ অন্যতম বৃহৎ ব্যৱসায়িক গোষ্ঠীটোৰ পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। টাটা ছন্ছৰ মালিকীস্বত্ব মুখ্যতঃ টাটা ট্ৰাষ্টৰ অধীনত দুটা মুখ্য ন্যাসৰ হাতত আছে - ছাৰ ডোৰাবজী টাটা ট্ৰাষ্ট আৰু ছাৰ ৰতন টাটা ট্ৰাষ্ট, যি দুটাৰ হাতত যৌথভাৱে মালিকীস্বত্বৰ 50 শতাংশতকৈও অধিক অংশ আছে।

মৃত্যুৰ পূৰ্বে কাৰ্যকৰী সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৰতন টাটাই। সমিতিখনৰ তিনিজন গুৰুত্বপূৰ্ণ সদস্য হৈছে টাটা ট্ৰাষ্টৰ উপাধ্যক্ষদ্বয় বেণু শ্ৰীনিবাসন আৰু বিজয় সিং লগতে ন্যাসৰক্ষী মেহলি মিস্ত্ৰী ৷

বিত্তীয় বৰ্ষ 23-ত, টাটা ট্ৰাষ্টে বিভিন্ন প্ৰয়াস বা পদক্ষেপত অংশ লৈ মুঠ 581.52 কোটি টকা অনুদান বিতৰণেৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। এই পুঁজিৰ অনুদান মুখ্য ন্যাস দুটাৰ জৰিয়তে দিয়া হৈছিল: ছাৰ ৰতন টাটা ট্ৰাষ্ট, যিয়ে 456.42 কোটি টকাৰ বৰঙণি আগবঢ়াইছিল, আৰু ছাৰ ডোৰাবজী টাটা ট্ৰাষ্ট, যিয়ে 125.10 কোটি টকা আগবঢ়াইছিল।

(এজেন্সি ইনপুটৰ সৈতে)

লগতে পঢ়ক:কোন হ’ব ৰতন টাটাৰ উত্তৰসূৰী ? চৰ্চাত টাটা পৰিয়ালৰ কেবাজনো সদস্যৰ নাম

ABOUT THE AUTHOR

...view details