পৰ্যালোচনা বৈঠকত তেওঁ আশ্বাস দিয়ে যে ২০০১ চনৰ পৰা বিশ্বজুৰি থকা এইচ এম পি ভিৰ পৰা জনসাধাৰণৰ বাবে চিন্তাৰ কোনো কাৰণ নাই । স্বাস্থ্য সচিব শ্ৰীবাস্তৱে ৰাজ্য চৰকাৰসমূহক প্ৰতিৰোধমূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা তীব্ৰ কৰিবলৈও পৰামৰ্শ দিয়ে । ৰাজ্যসমূহক আই এল আই/এছ এ আৰ আই নিৰীক্ষণ শক্তিশালী আৰু পৰ্যালোচনা কৰিবলৈও পৰামৰ্শ দিয়া হৈছে ।
উল্লেখ্য যে ভাৰতত এইচ এম পি ভিৰ পাঁচটা ঘটনা এতিয়ালৈকে লাভ কৰা হৈছে । ইয়াৰে ভিতৰত দুটা বেংগালুৰুত, এটা আহমেদাবাদত আৰু দুটা সন্দেহজনক ঘটনা নাগপুৰত পোৱা গৈছে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ এক বিজ্ঞপ্তি অনুসৰি, "কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্যসলিলা শ্ৰীবাস্তৱে কালি ভাৰতত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বৰ্তমানৰ পৰিস্থিতি আৰু চীনত এইচ এম পি ভি ঘটনা বৃদ্ধিৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু সেইবোৰৰ পৰিচালনাৰ বাবে জনস্বাস্থ্য ব্যৱস্থাৰ বিষয়ে এইচ এম পি ভি ঘটনা সম্পৰ্কীয় স্থিতি পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত সভাপতিত্ব কৰে ।"