অসম

assam

ETV Bharat / bharat

অসমৰ চামগুৰিকে ধৰি দেশৰ ৬ ৰাজ্যত এন আই এৰ অভিযান - NIA RAIDS

উপ-নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ অন্তিম দিনটোত চামগুৰিত উপস্থিত এন আই এৰ দল । কাক বিচাৰি চামগুৰিলৈ আহিল এন আই এ ?

NIA raids
প্ৰতিনিধিত্বমূলক ছবি (ANI)

By ANI

Published : Nov 11, 2024, 9:29 PM IST

নতুন দিল্লী :অসমকে ধৰি দেশৰ ৬ ৰাজ্যত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ (National Investigation Agency, NIA) অভিযান । সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰৰ অংশ হিচাপে কিছু বাংলাদেশী নাগৰিকে চলোৱা কাৰ্যকলাপ সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সোমবাৰে সমগ্ৰ দেশৰ একাধিক স্থানত একেলগে ব্যাপক অভিযান চলায় । ইয়াৰে ভিতৰত অসমৰ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা চামগুৰিতো সোমবাৰে উপস্থিত হয় এন আই এৰ এটা দল ।

জেহাদী সম্পৰ্কীয় এক গোচৰৰ পম খেদি সোমবাৰে এন আই এৰ দলটো চামগুৰিত উপস্থিত হয় । নগাঁও আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, এন আই এৰ দলটোৱে চামগুৰিৰ এটা পৰিয়ালক জাননী প্ৰদান কৰিবলৈ উপস্থিত হয় । সোমবাৰে পৰিয়ালটোক জাননী প্ৰদান কৰি পুনৰ এন আই এৰ দলটো ৰাওনা হোৱা বুলিও জানিব পৰা গৈছে ।

আনহাতে, সংস্থাটোৱে জনোৱা মতে, অসমৰ উপৰি জম্মু-কাশ্মীৰ, কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ আৰু ত্ৰিপুৰাত সোমবাৰে পুৱাতে সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ কাৰ্যকলাপক সমৰ্থন আৰু পুঁজি যোগান ধৰাৰ সন্দেহ থকা ব্যক্তিসকলৰ সৈতে সম্পৰ্কিত নটা স্থানত অভিযান চলোৱা হয় ।

সংস্থাটোৰ মতে, অনুসন্ধান অভিযানত সন্ত্ৰাসবাদী পুঁজিৰ কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত বেংক লেনদেনৰ বিতং তথ্য, মোবাইল ফোনসহ ডিজিটেল সঁজুলি আৰু অন্যান্য প্ৰমাণ থকা আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হয় ।

"যিসকল সন্দেহজনক লোকৰ চৌহদত তালাচী চলোৱা হৈছিল তেওঁলোক বাংলাদেশ ভিত্তিক আল-কায়দা নেটৱৰ্কৰ প্ৰতি সহানুভূতিশীল । গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ সহযোগত চলোৱা এই তালাচী অভিযান বাংলাদেশস্থিত আল-কায়দাৰ কৰ্মীসকলৰ দ্বাৰা সংঘটিত ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত ২০২৩ চনৰ এটা গোচৰৰ এন আই এৰ চলি থকা তদন্তৰ অংশ আছিল । এই ষড়যন্ত্ৰৰ উদ্দেশ্য আছিল আল-কায়দাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰচাৰ কৰা আৰু ভাৰতত সৰলমনা যুৱক-যুৱতীসকলক মৌলবাদী কৰা ।" এন আই এয়ে কয় ।

উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত এন আই এই চাৰিজন বাংলাদেশীসহ পাঁচজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল । তেওঁলোক হৈছে মহম্মদ সজিবমিয়া, মুন্না খালিদ আনছাৰী ওৰফে মুন্না খান, আজাৰুল ইছলাম ওৰফে জাহাংগীৰ বা আকাশ খান, আব্দুল লতিফ ওৰফে মমিনুল আনছাৰী । পঞ্চম অভিযুক্ত ফৰিদ এজন ভাৰতীয় নাগৰিক ।

এন আই এই তেওঁলোকৰ পূৰ্বসূৰীসকলৰ ওপৰত কৰা অনুসন্ধানত প্ৰকাশ পাইছিল যে এই অভিযুক্তসকলে গোপনে তেওঁলোকৰ কাৰ্যকলাপ সম্পাদন কৰিবলৈ জাল নথিপত্ৰ সংগ্ৰহ কৰিছিল । "তেওঁলোকে ভাৰতৰ পিছপৰা মুছলমান যুৱক-যুৱতীসকলক মৌলবাদী হ'বলৈ অনুপ্ৰেৰিত কৰা, আল-কায়দাৰ হিংসাত্মক আদৰ্শ বিয়পোৱা, পুঁজি সংগ্ৰহ কৰা আৰু এই পুঁজি আল-কায়দালৈ হস্তান্তৰ কৰাত সক্ৰিয়ভাৱে জড়িত আছিল ।" এন আই এই কয় ।

লগতে পঢ়ক :চাৰি ৰাজ্যৰ আৰক্ষীক পানী খুৱাই থকা লেডী ডনক গ্ৰেপ্তাৰ
লগতে পঢ়ক :মণিপুৰত পুনৰ ৰক্তপাত: জিৰিবামত নিধন ১০ সন্দেহযুক্ত কুকি উগ্ৰপন্থীক

ABOUT THE AUTHOR

...view details