নতুন দিল্লী :এন আই এই লৰেন্স বিষ্ণৈৰ ভাতৃ অনমোল বিষ্ণৈৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ জাননী জাৰি কৰিছে । অনমোল বিষ্ণৈৰ বিৰুদ্ধে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে । ২০২২ চনত পঞ্জীয়ন হোৱা এন আই এৰ দুটা গোচৰত অনমোল বিষ্ণৈৰ বিৰুদ্ধে অভিযোগনামাও দাখিল কৰা হৈছে । মুম্বাইত চলি থকা এক গোচৰ সন্দৰ্ভত অনমোল বিষ্ণৈৰ নামটো চৰ্চালৈ আহিছিল । এই বছৰৰ আৰম্ভণিতে বলীউডৰ অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভতো আৰক্ষীয়ে বিচাৰি আছে অনমোলক । অনমোল বিষ্ণৈৰ অৱস্থানৰ বিষয়ে তথ্য জনা যিকোনো লোককে যোগাযোগ কৰিবলৈ এন আই এই আহ্বান জনাইছে ।
লৰেন্স বিষ্ণৈৰ ভাতৃক বিচাৰি অনুসন্ধান
আৰক্ষীৰ তথ্য অনুসৰি অনমোল বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত আছে । এন আই এই বিশ্বাস কৰে যে তেওঁৰ সন্ধান লাভ কৰিলেই সমগ্ৰ অঞ্চলটোত অবৈধ অভিযানৰ বহল নেটৱৰ্কৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিব । এন আই এই অনমোলক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তোলাৰ লগে লগে ৰাইজকো এইক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছে ।
নিষিদ্ধ বব্বৰ খালচা ইণ্টাৰনেশ্যনেল (বি কে আই) আৰু লৰেন্স বিষ্ণৈ অপৰাধ ছিণ্ডিকেটৰ ষড়যন্ত্ৰ আৰু কাৰ্যকলাপ সম্পৰ্কীয় তিনিটা গোচৰত এক বৃহৎ অভিযানত এন আই এই বহু অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰাৰ প্ৰায় ৯ মাহ পিছতে এই পদক্ষেপ লোৱা হৈছে ।
বৃহৎ অভিযানৰ অংশ হিচাপে জানুৱাৰীত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ লগতে চণ্ডীগড়ৰ মুঠ ৩২ টা স্থানত এন আই এৰ দলসমূহে অভিযান চলাইছিল । এই অভিযানত দুটা পিষ্টল, দুটা মেগজিন আৰু গোলাবাৰুদৰ লগতে নথিপত্ৰ আৰু ডিজিটেল সঁজুলিৰ উপৰিও ৪.৬০ লাখ টকা জব্দ কৰা হয় ।
নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন বি কে আইৰ দ্বাৰা চলোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু দেশখনত চলি থকা সন্ত্ৰাসবাদী-গেংষ্টাৰ নেটৱৰ্কৰ বিৰুদ্ধে জানুৱাৰীত এন আই এই অভিযান তীব্ৰতৰ কৰি তুলিছিল । সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ ভিতৰত আছে সীমান্তৰ মাজেৰে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ, বিস্ফোৰক আৰু আই ই ডিৰ দৰে সামগ্ৰীৰ চোৰাং সৰবৰাহ । অপৰাধ চক্ৰটোৰ সদস্যসকলে দেশৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ, হত্যা, ধন দাবী আদি কাৰ্যকলাপতো জড়িত আছে ।
লগতে পঢ়ক :আৰক্ষীৰ জালত ছলমানক মৃত্যুৰ ভাবুকি দিয়া ব্যক্তিজন