ছত্তীশগড় :ছত্তীশগড়ত অব্যাহত আছে মাওবাদী বিৰোধী অভিযান । এই অভিযানৰ সময়তে শুকুৰবাৰে পুনৰ মাওবাদীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ লাগে । ৰাজনন্দগাঁৱৰ কাষৰ মহলা মানপুৰ অম্বাগড় চৌকিত আৰক্ষী আৰু মাওবাদীৰ মাজত এই সংঘৰ্ষৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি মাওবাদীৰ দলটোৱে পলায়ন কৰে ।
শুকুৰবাৰে বিয়লি ৪ ৰ পৰা ৫ বজাৰ ভিতৰত এই সংঘৰ্ষটো সংঘটিত হয় । আৰক্ষীয়ে বিশেষ সূত্ৰে তথ্য লাভ কৰে যে মাওবাদীৰ এটা দলে খুৰচেকলা বনাঞ্চলত প্ৰৱেশ কৰিছে । এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীটোৱে অভিযানত ওলাই যায় । কিন্তু সুৰক্ষা বাহিনীৰ দলটো অনুসন্ধান অভিযানৰ পৰা উভতি অহাৰ সময়ত মাওবাদীৰ দলটোৰ সৈতে মুখামুখি হয় ।
সুৰক্ষা বাহিনীৰ দলটো খুৰচেকলা বনাঞ্চলৰ মাজেৰে পাৰ হৈ গৈ থকা অৱস্থাত আৰক্ষী আৰু মাওবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । ইফালে নিৰাপত্তা বাহিনীৰ নিৰন্তৰ গুলীবৰ্ষণত কেইবাজনো মাওবাদী আহত হোৱাৰ সন্দেহ কৰা হৈছে । আনহাতে, বাহিনীটোৰ প্ৰবল আক্ৰমণত তিষ্ঠিব নোৱাৰি মাওবাদীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।