অসম

assam

প্ৰথমবাৰৰ বাবে ব্ৰুণেই ডাৰুছালাম ভ্ৰমণ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ - PM Modi to visit Brunei

By PTI

Published : Sep 3, 2024, 10:18 AM IST

PM Modi to visit Brunei : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ব্ৰুণেই আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ অংশ হিচাপে তেওঁ দুয়োখন দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ চেষ্টা চলাব । আশাবাদী প্ৰধানমন্ত্ৰী মোদী ।

PM Modi to visit Brunei
প্ৰথমবাৰৰ বাবে ব্ৰুণেই ডাৰুছালাম ভ্ৰমণ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰ ব্ৰুণেই ডাৰুছালাম আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব । মঙলবাৰে তেওঁ ভ্ৰমণ আৰম্ভ কৰিব । দুয়োখন দেশ ভ্ৰমণৰ লগে লগে ভাৰতে ঐতিহাসিক সম্পৰ্ক বজাই ৰখা আৰু ছিংগাপুৰৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ চেষ্টা কৰিব ।

  • ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ব্ৰুণেই ডাৰুছালাম ভ্ৰমণ

এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ ব্ৰুণেই ডাৰুছালাম প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ হ'ব । ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ঐতিহাসিক সম্পৰ্কক নতুন উচ্চতালৈ আগুৱাই লৈ যোৱাৰ বাবে তেওঁ চুলতান হাজী হাছানাল বোলকিয়া আৰু ৰাজপৰিয়ালৰ আন সদস্যসকলৰ সৈতে হোৱা বৈঠকৰ বাবে আশাবাদী ।

প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে ছিংগাপুৰ ভ্ৰমণ কৰিব । তাৰ পূৰ্বে বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰপতি থাৰমন শ্বানমুগাৰত্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱাং, জ্যেষ্ঠ মন্ত্ৰী লী ছিয়েন লুং আৰু এমিৰিটাছ জ্যেষ্ঠ মন্ত্ৰী গোহ চক টঙক সাক্ষাতৰ বাবে আশাবাদী । মোদীয়ে ছিংগাপুৰৰ শীৰ্ষ ব্যৱসায়ীসকলকো সাক্ষাৎ কৰিব ।

তেওঁ কয়, "ছিংগাপুৰৰ সৈতে আমাৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে বিশেষকৈ উন্নত উৎপাদন, ডিজিটেলকৰণ আৰু বহনক্ষম উন্নয়নৰ নতুন আৰু উদীয়মান ক্ষেত্ৰত মই মোৰ আলোচনাৰ বাবে আশাবাদী ।"

  • আশাবাদী প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বিবৃতিত লগতে কয় যে দুয়োখন দেশ ভাৰতৰ এক্ট ইষ্ট পলিচী আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ গুৰুত্বপূৰ্ণ অংশীদাৰ । তেওঁ কয়, "মই নিশ্চিত যে মোৰ ভ্ৰমণে ব্ৰুণেই, ছিংগাপুৰ আৰু বৃহত্তৰ আছিয়ান অঞ্চলৰ সৈতে আমাৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব ।"

লগতে পঢ়ক :চীনক প্ৰতিহত কৰিবলৈ ভাৰত আৰু জাপানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক - India and Japan join hands

ABOUT THE AUTHOR

...view details