নেশ্যনেল ডেস্ক, 30 এপ্ৰিল :আকৌ এবাৰ ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত বস্তাৰ সংমণ্ডলৰ নাৰায়ণপুৰ জিলাত আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘটিত হোৱা এক গুলীয়াগুলীৰ ঘটনা পোহৰলৈ আহিছে ৷ এই এনকাউণ্টাৰ সংঘটিত হয় নাৰায়ণপুৰ জিলাৰ আবুঝ্মাদৰ অন্তৰ্গত টেকমেটাৰ সমীপৰ ছত্তীশগড়-মহাৰাষ্ট্ৰ সীমান্ত অঞ্চলত ।
পুৱাই লাভ কৰা তথ্য অনুসৰি, ভাৰতীয় জোৱানে 4 জন নক্সালবাদীক হত্যা কৰিছে । অৱশ্যে শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই গুলীয়াগুলীত 7 জন নক্সালবাদী নিহত হৈছে । ইতিমধ্যে ঘটনাস্থলীৰ পৰা 2 গৰাকী মহিলাসহ মুঠ 7 গৰাকী নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । এই কথা নিশ্চিত কৰিছে বাষ্টাৰ আই জি সুন্দৰৰাজ পিয়ে ।
ভাৰতীয় জোৱান আৰু নক্সালবাদীৰ মাজত মুখামুখি অব্যাহত আছে :
বাষ্টাৰ আই জি সুন্দৰৰাজ পিৰ পৰা নাৰায়ণপুৰৰ এছ পি প্ৰভাত কুমাৰে এই এনকাউণ্টাৰ ঘটনাৰ ওপৰত চকু ৰাখিছে । লগতে বহু ঠাইত নক্সালবাদীক সৈনিকে ঘেৰাও কৰা খবৰ পোৱা গৈছে । এতিয়াও নাৰায়ণপুৰ-কংকৰ-মহাৰাষ্ট্ৰ সীমান্তত চলি আছে ডি আৰ জি, এছ টি এফৰ জোৱান আৰু নক্সালবাদীৰ মাজত এনকাউণ্টাৰৰ ঘটনা ।
ভাৰতীয় সৈন্যৰ হাতত নিহত ৪ জন নক্সালবাদী :