অসম

assam

ETV Bharat / bharat

26/11- তেজে ধোৱা ইতিহাসৰ 16 বছৰ; অমিত শ্বাহ, ৰাজনাথ সিঙৰ মৃতকলৈ শ্ৰদ্ধাঞ্জলি

26/11/2008 ত সমুদ্ৰ পথেৰে পাকিস্তানৰ পৰা ভাৰত ভূমিত প্ৰৱেশ কৰি লস্কৰ গোটৰ সন্ত্ৰাসবাদীয়ে মুম্বাইত চলাইছিল ভয়ংকৰ আক্ৰমণ ৷

26 11 TERROR ATTACKS
MUMBAI TERROR ATTACK (Getty Images)

By ANI

Published : 5 hours ago

হায়দৰাবাদ: ভাৰতৰ ইতিহাসৰ পাতত আজিৰ দিনটোৰ স্মৃতি ক’লা চিয়াঁহীৰে খোদিত হৈছিল 2008 চনত ৷ সেইদিনা পাক সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই ভাৰত ভূমিত নৰমেধ যজ্ঞ পাতি খেলিছিল তেজৰ ফাকু ৷ মুম্বাই চহৰ সেইদিনা ত্ৰাসিত হৈছিল দানৱৰূপী সন্ত্ৰাসবাদীৰ বিভৎস হত্যালীলা দেখি ৷ আজিও সেই ভয়ংকৰ অধ্যায় দেশবাসীয়ে পাহৰিব পৰা নাই ৷

26/11 এইটোৱেই আছিল তাৰিখ, সমুদ্ৰ পথেৰে পাকিস্তানৰ পৰা ভাৰত ভূমিত প্ৰৱেশ কৰি লস্কৰ গোটৰ সন্ত্ৰাসবাদীয়ে মুম্বাইত চলাইছিল ভয়ংকৰ আক্ৰমণ ৷ অতি কমেও 174 গৰাকী লোকে প্ৰাণ হেৰুওৱা এই আক্ৰমণে দেশবাসীক কঁপাই তুলিছিল ৷ আহত হৈছিল কেবাশতাধিক লোক ৷ সমগ্ৰ বিশ্বই গৰিহণা দিছিল এই আক্ৰমণক ৷ আজি 26/11 ৰ আক্ৰমণৰ ঘটনাৰ 16 বছৰ হ’ল ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিভিন্নজনে এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে ৷ সেই আক্ৰমণত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজ দি ছহিদ হোৱা নিৰাপত্তাকৰ্মীসকলৰ প্ৰতিও শ্ৰদ্ধা জনাইছে মন্ত্ৰীদ্বয়ে ৷

সামাজিক মাধ্যম X যোগে শ্ৰদ্ধা জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লিখিছে- ‘‘2008 চনৰ আজিৰ দিনটোতে মুম্বাইত কাপুৰুষ সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰি মানৱতাক ধূলিস্যাৎ কৰিছিল ৷ 26/11 ৰ মুম্বাই আক্ৰমণত সন্ত্ৰাসবাদীৰ সৈতে যুঁজ দি প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু প্ৰাণ হেৰুওৱা নিৰীহ লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ ৷’’
সন্ত্ৰাসবাদ সমগ্ৰ মানৱ সভ্যতাৰ বাবে এক কলংক বুলি অভিহিত কৰি সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপৰ ক্ষেত্ৰত ভাৰত কিদৰে বিশ্বগুৰু হৈছে সেই বিষয়ে আলোকপাত কৰে ৷ পোষ্টত শ্বাহে লগতে কয়, ‘‘সন্ত্ৰাসবাদ সমগ্ৰ মানৱ সভ্যতাৰ বাবে এক কলংক ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীল নীতিক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে আৰু আজি ভাৰত সন্ত্ৰাস-বিৰোধী পদক্ষেপৰ ক্ষেত্ৰত বিশ্বগুৰুত পৰিণত হৈছে ৷’’

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙেও 26/11 ৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে ৷ X যোগে প্ৰকাশ কৰা এক বাৰ্তাত তেওঁ কয়- ‘‘26/11 ৰ মুম্বাই আক্ৰমণৰ এই দিনটোত দেশে প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰিছে ৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সৰ্বোচ্চ ত্যাগ কৰা বীৰ ছহিদ জোৱান সকললৈ গভীৰ শ্ৰদ্ধা জনাইছো ৷ আমি তেওঁলোকক কেতিয়াও পাহৰি নাযাওঁ ৷’’

উল্লেখ্য যে মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই আজি 16 বছৰ সম্পূৰ্ণ কৰিলে ৷ তাজ হোটেল, অবেৰয় ট্ৰাইডেণ্ট হোটেল, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ, লিওপোল্ড কেফে, মুম্বাই চাবাদ হাউচ, নৰিমান হাউচ, কামা হাস্পতাল আৰু মেট্ৰ’ চিনেমাত দহজন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ দ্বাৰা সংগঠিতভাৱে ধাৰাবাহিক আক্ৰমণ চলোৱা হৈছিল । পাকিস্তানৰ পৰা সাগৰীয় পথেৰে মুম্বাইলৈ আহি ভাৰতৰ বিত্তীয় ৰাজধানীত ধাৰাবাহিক আক্ৰমণ চলাইছিল দহজন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে ।

লগতে পঢ়ক:সম্ভল হিংসা : বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ, ইণ্টাৰনেট-বিদ্যালয় বন্ধ

ABOUT THE AUTHOR

...view details