নিউজ ডেস্ক, 29 মাৰ্চ: বান্দা কাৰাগাৰত কাৰাবন্দী হৈ থকা উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক তথা মাফিয়া মুখতাৰ আনছাৰীয়ে । হৃদযন্ত্ৰৰ সমস্যাত ভোগা আনছাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাত জিলা কাৰাগাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ অনা হয় যদিও হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় । এই মৃত্যুক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে মুখতাৰৰ কনিষ্ঠ পুত্ৰ ওমৰ আনছাৰীয়ে । সংবাদ মাধ্যমৰ আগত তেওঁ আই চি ইউৰ পিচত পিতৃক পোনে পোনে বিচ্ছিন্ন বেৰেকত ভৰোৱাৰ অভিযোগ উত্থাপন কৰে । লগতে তেওঁ কয় যে দেউতাকে ফোনযোগে তেওঁৰ দুৰ্বল অৱস্থাৰ কথা কৈছিল ।
ওমৰ আনছাৰীয়ে কয় যে তেওঁক পিতৃৰ মৃত্যুৰ বিষয়ে প্ৰশাসনে আনুষ্ঠানিকভাৱে অৱগত কৰা নাছিল । এই বিষয়ে সংবাদ মাধ্যমৰ পৰাহে তেওঁলোকে গম পাইছে । সমগ্ৰ দেশেই বাস্তৱটো জানিবলৈ লৈছে । দুদিন আগতে দেউতাকক চাবলৈ আহিছিল । কিন্তু তেওঁক বাধা দিয়া হ’ল । ১৯ মাৰ্চত তেওঁৰ খাদ্যত বিহ দিয়া হৈছিল । এই সন্দৰ্ভত তেওঁ আদালততো অভিযোগ কৰিছিল ।
ওমৰ আনছাৰীয়ে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাব বুলি উল্লেখ কৰি ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি কয় । ওমৰে আৰু কয় যে যিজন ব্যক্তিয়ে মুঠিটোও বন্ধ কৰিব নোৱাৰে ৷ যিজন ব্যক্তি ইমানেই দুৰ্বল যে জেল প্ৰশাসনে নিজেই তেওঁক আই চি ইউলৈ লৈ যায় ৷ তেওঁক ফিট ঘোষণা কৰি পুনৰ জেললৈ পঠিয়াই দিয়াটো কেনেকৈ ন্যায বুলিব পাৰি ।
ওমৰে কয় যে আই চি ইউৰ পৰা অহাৰ 14 ঘণ্টাৰ পিচতে তেওঁৰ পিতৃক পোনে পোনে বিচ্ছিন্ন বেৰেকলৈ প্ৰেৰণ কৰা হয় । "মই কল্পনা কৰিব পাৰোঁ যে তেওঁৰ দুদিন আৰু ৰাতি কেনেকৈ কটালে । তেওঁ মোক 3 বজাত ফোন কৰি ক’লে যে তেওঁ খোজ কাঢ়িবও নোৱাৰে ।"
মৃত্যুৰ পিচত পৰিয়ালটোৰ বহু ভিডিঅ’ ওলাইছিল:
মুখতাৰৰ মৃত্যুৰ পিচত গাজীপুৰ জিলাৰ মহম্মদাবাদস্থিত তেওঁৰ বাসগৃহত সমৰ্থকৰ ভিৰ হয় । বাৰাণসীৰ ডি আই জি, গাজীপুৰৰ ডি এম, এছ পিও তেওঁৰ ঘৰত উপস্থিত হয় । প্ৰতিটো কোণত বাহিনী নিয়োগ কৰা হৈছে ।
জনসমাগম বৃদ্ধি হোৱা দেখি মুখতাৰ আনছাৰীৰ ভতিজা বিধায়ক সোহেব ওৰফে মন্নু আনছাৰীয়ে সমৰ্থকসকলক ঘৰলৈ যাবলৈ আহ্বান জনায় । যি তথ্য উপলব্ধ হ’ব ৰাতিপুৱা দিয়া হ’ব বুলিও তেওঁ কয় । মুখতাৰৰ ভাতৃ ছিবকাতুল্লাহ আনছাৰীয়েও শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় ।
এই সময়ছোৱাত সাংসদ আফজল আনছাৰীও বাসগৃহত উপস্থিত আছিল । মুখতাৰৰ মৃত্যুৰ পিচত পৰিয়ালৰ লোক অস্থিৰ হৈ পৰিছে । এই ঘটনাৰ পিচত প্ৰথমবাৰৰ বাবে পৰিয়ালটোৰ ভিডিঅ’ আৰু ফটো প্ৰকাশ পাইছে ।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা বাণ্ডা চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়ক মুখতাৰ আনছাৰীয়ে । ইয়াৰ পিচত উত্তৰ প্ৰদেশত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । কেইবাজনো ৰাজনৈতিক নেতাই তেওঁৰ মৃত্যুক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ।