নেশ্যনেল ডেস্ক, ৬ ফেব্ৰুৱাৰী :আমেৰিকাই ভাৰতক বিক্ৰী কৰিব সশস্ত্ৰ ড্ৰোণসহ প্ৰায় ৪ বিলিয়ন আমেৰিকান ডলাৰৰ সামৰিক সঁজুলি । শেহতীয়াকৈ আমেৰিকাই এই কথা স্পষ্ট কৰিছে । ইয়াৰ লগে লগে আমেৰিকাই এই কথাও স্পষ্ট কৰি দিছে যে MQ9-B সশস্ত্ৰ ড্ৰোণে ভাৰতক কি ধৰণে সুৰক্ষা প্ৰদান কৰিব । জেনেৰেল এটমিক্স MQ9-B সশস্ত্ৰ ড্ৰোণৰ বিক্ৰীয়ে ভাৰতক এক বৰ্ধিত সামুদ্ৰিক সুৰক্ষা আৰু ড'মেইন সজাগতা ক্ষমতা প্ৰদান কৰিব ।
উল্লেখ্য যে যোৱা সপ্তাহত, ৰাজ্যিক বিভাগে আনুমানিক ৩.৯৯ বিলিয়ন আমেৰিকান ডলাৰ ব্যয়ত ৩১ খন MQ9-B সশস্ত্ৰ ড্ৰোণ বিক্ৰীৰ অনুমোদনৰ সিদ্ধান্ত লৈছিল । ২০২৩ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক আমোৰিকা ভ্ৰমণৰ সময়তে প্ৰক্ষেপিত মেগা ড্ৰোণ চুক্তিটো প্ৰকাশ পাইছিল । বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ মুখপাত্ৰ বেদান্ত পেটেলে এই সন্দৰ্ভত কয় যে ই ভাৰতক এক বৰ্ধিত সামুদ্ৰিক সুৰক্ষা আৰু সামুদ্ৰিক ক্ষেত্ৰ সজাগতা ক্ষমতা প্ৰদান কৰিব ।
পেটেলে লগতে কয় যে ই ভাৰতক এই ড্ৰোণবোৰৰ সম্পূৰ্ণ মালিকানা প্ৰদান কৰিব আৰু ইয়াৰ জৰিয়তে আমেৰিকাই ভাৰতীয় অংশীদাৰসকলৰ সৈতে তেওঁলোকৰ সহযোগিতা গভীৰ কৰিব ।