অসম

assam

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 1:04 PM IST

ETV Bharat / bharat

ৰাজনীতি ত্যাগ কৰি পুনৰ ক্ৰিকেটলৈ ! বিজেপি প্ৰধানলৈ গৌতম গম্ভীৰৰ পত্ৰ

Gautam Gambhir to Leave Politics : ৰাজনীতি এৰিব সাংসদ গৌতম গম্ভীৰে । এই কথা তেওঁ এক্স হেণ্ডেলত ঘোষণা কৰিছে ।

ৰাজনীতি ত্যাগ কৰিব গৌতম গম্ভীৰে
ৰাজনীতি ত্যাগ কৰিব গৌতম গম্ভীৰে

নিউজ ডেস্ক, ২ মাৰ্চ :ৰাজনৈতিক জগত এক ডাঙৰ খবৰ । পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিছে । এই কথা তেওঁ নিজৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে । এক্সত প্ৰকাশিত পোষ্ট অনুসৰি তেওঁক ৰাজনীতিৰ পৰা অব্যাহতি বিচাৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ পত্ৰ প্ৰেৰণ কৰিছে । সমাগত আইপিএলত মনোনিবেশ কৰিবৰ বাবেই তেওঁ ৰাজনীতিক বিদায় দিব বিচাৰিছে বুলি প্ৰকাশ কৰিছে । লগতে তেওঁ ৰাজনীতিৰ জৰিয়তে ৰাইজক সেৱাৰ সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যাবাদ জনাইছে ।

এক্স পোষ্টটোত গৌতম গম্ভীৰে লিখিছে, "মই সন্মানীয় দলৰ সভাপতি জে পি নাড্ডাক ৰাজনৈতিক কৰ্তব্যৰ পৰা মোক অব্যাহতি দিবলৈ অনুৰোধ জনাইছোঁ যাতে মই মোৰ আগন্তুক ক্ৰিকেট কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দিব পাৰোঁ । মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে হৃদয়েৰে ধন্যবাদ জনাইছোঁ । জয় হিন্দ ।"

উল্লেখ্য যে ৰাজনীতি ত্যাগ কৰি আগন্তুক আইপিএলত অধিক মনোনিবেশ কৰিব বিচাৰিছে ভাৰতীয় ক্ৰিকেটৰ এসময়ৰ নিৰ্ভৰযোগ্য বেটাৰ গৌতম গম্ভীৰে ।

গৌতম গম্ভীৰে ২০১৯ চনত বিজেপিৰ টিকটত পূব দিল্লীৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈ সাংসদ হৈছিল । গৌতম গম্ভীৰ বৰ্তমান আইপিএলৰ ফ্ৰেঞ্চাইজী কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হৈ আছে । তেওঁক আইপিএল, ২০২৪-ত দলটোৰ সৈতে দেখা যাব । আনহাতে, খেলুৱৈ হিচাপে গৌতম গম্ভীৰে কেকেআৰৰ অধিনায়কত্ব কৰি দুবাৰকৈ আইপিএল ট্ৰফী (২০১২ আৰু ২০১৪) জয় কৰিছে । ইয়াৰ উপৰি গৌতম গম্ভীৰে ভাৰতৰ হৈ ২০০৭ চনৰ টি-২০ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল । বৰ্তমান তেওঁ ক্ৰিকেটত অধিক মনোনিবেশ কৰিব বিচাৰে, যাৰ বাবে তেওঁ ৰাজনীতিত বেছি সময় দিব নোৱাৰে বুলি উল্লেখ কৰিছে ।

ভাৰতীয় ক্ৰিকেট দলৰ হৈ গম্ভীৰে মুঠ ৫৮ খন টেষ্টত অংশগ্ৰহণ কৰিছে । টেষ্টত তেওঁৰ সংগৃহীত ৰাণ সংখ্যা হৈছে ৪১৫৪ । আনহাতে, ১৪৭ খন এদিনীয়া মেচত অংশগ্ৰহণ কৰা গম্ভীৰৰ ৰাণ সংখ্যা হৈছে ৫২৩৮ । ইয়াৰ উপৰি ৩৭ খন আন্তৰাষ্ট্ৰীয় টি-২০ত অংশগ্ৰহণ কৰি গৌতম গম্ভীৰে মুঠ ৯৩২ ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক :ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত, গৃহ বিভাগৰ বিষয়াৰে দুপৰীয়া মুখ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details