অসম

assam

নৰখাদকৰ ত্ৰাস : মাতৃৰ বোকোচাতো সুৰক্ষিত নহয় শিশু - Man Animal conflict

By Bilal Bhat

Published : Sep 2, 2024, 1:41 PM IST

Man Animal conflict : উত্তৰ প্ৰদেশৰ বাহৰাইচ গাঁৱত বিগত কেইবামাহ ধৰি কুকুৰনেচীয়াৰ ত্ৰাস অব্যাহত আছে । শিশুকে ধৰি কেইবাগৰাকী লোকক ইতিমধ্যে ভক্ষণ কৰিছে কুকুৰনেচীয়াই । নৰখাদক কেইটাক পিঞ্জৰাৱদ্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

Man Animal conflict
নৰখাদকৰ ত্ৰাস : মাতৃৰ বোকোচাতো সুৰক্ষিত নহয় শিশু (ETV Bharat)

বিশেষ প্ৰতিবেদন, ২ ছেপ্টেম্বৰ :দেশত মানুহ আৰু বন্য জন্তুৰ সংঘাত অব্যাহত আছে । এই সংঘাতৰ পৰিণতি অতি ভয়ংকৰ দেখা গৈছে । অৰণ্য ধ্বংস কৰি মানুহে উন্নয়নৰ অজুহাতত ঘৰ, ৰাস্তা, উদ্যোগ আদি স্থাপন কৰিছে । ইয়াৰ বিপৰীতে খাদ্য আৰু বাসস্থানৰ অভাৱত বন্য জন্তুবোৰে জনাঞ্চলত প্ৰৱেশ কৰিছে । এনে কাৰণতে সংঘাতৰ সৃষ্টি হৈছে । উত্তৰ প্ৰদেশত বন্য জীৱ-জন্তু আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে ।

  • উত্তৰ প্ৰদেশত কুকুৰনেচীয়াৰ ত্ৰাস

বাহৰাইচ গাঁৱত এতিয়া অসহায় হৈ পৰিছে একাংশ লোক । ইয়াৰ কাৰণ কুকুৰনেচীয়াৰ মুক্ত বিচৰণ । গাঁওখনৰ কেইবাটাও শিশুক ভক্ষণ কৰিছে কুকুৰনেচীয়াই । মাতৃৰ বোকোচাৰ পৰাই শিশুক কাঢ়ি নিছে কুকুৰনেচীয়াই । গাঁওখনত তেনে কেইবাটাও ঘটনা সংঘটিত হৈছে ।

শেহতীয়াকৈ এগৰাকী মাতৃৰ চকুৰ সন্মুখতে শিশুটোক কুকুৰনেচীয়াই আক্ৰমণ কৰে । শিশুটোক কুকুৰনেচীয়াই চোঁচৰাই লৈ যায় । পিচত পথাৰত উদ্ধাৰ হয় শিশুটোৰ মৃতদেহ । দিৱানপুৰ গাঁৱত তেনে আন এক ঘটনা সংঘটিত হৈছে । কুকুৰনেচীয়াৰ আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি লয় এটি এবছৰীয়া শিশুৱে । যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লোকসকল নিৰাপত্তাহীনতাত ভুগিছে ।

দিৱানপুৰ গাঁৱৰ ঘটনাটোৰ বিষয়ে জানিলে আপোনাৰো বুকু কঁপি উঠিব । প্ৰচণ্ড গৰমৰ বাবে মহিলাগৰাকীয়ে শিশুটিক লৈ ঘৰৰ বাহিৰত গছৰ তলত এখন খাটত (বিছনা) শুই আছিল । কিছু সময় পিচত শিশুটিৰ বাবে গাখীৰ আনিবলৈ মহিলাগৰাকীয়ে ঘৰৰ ভিতৰলৈ গৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকীয়ে উভতি আহি শিশুটিক বিছনাত দেখা নাপালে ।

মাতৃয়ে ঘৰৰ ভিতৰলৈ যোৱাৰ পিচতে চিকাৰৰ অপেক্ষাত ঘৰটোৰ ওচৰতে ৰৈ থকা কুকুৰনেচীয়াই শিশুটিক লৈ যায় । মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এই ঘটনা সংঘটিত হয় । এই হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে ।

আন এক ঘটনাত চান্দপিয়াৰ পূজা মৌৰ্য সৌভাগ্যৱান আছিল । কিয়নো তেওঁৰ চাৰিবছৰীয়া কন্যাই পথাৰত কুকুৰনেচীয়াৰ বিচৰণ প্ৰত্যক্ষ কৰিছিল আৰু মাতৃক সতৰ্ক কৰি দিছিল । ফলত মাতৃয়ে তেওঁৰ কণমানি শিশুক ৰক্ষা কৰিবলৈ সক্ষম হয় ।

  • নৰখাদকক ধৰিবলৈ নাই উপযুক্ত আহিলা

কুকুৰনেচীয়াৰ সন্ত্ৰাস বৃদ্ধি হোৱাৰ লগে লগে গাঁওৱাসী শংকিত হৈ পৰিছে আৰু নৰখাদক কুকুৰনেচীয়াক ধৰিবলৈ প্ৰচেষ্টা চলাই আছে । কিন্তু ডাঙৰ কথাটো হ'ল তেওঁলোকৰ ওচৰত উপযুক্ত সঁজুলিৰ অভাৱ আছে । যাৰ বাবে গাঁওবাসীয়ে বন বিভাগৰ সহায় বিচাৰিছে ।

সন্ধিয়া হ'লেই ভয়ত কঁপি উঠে গাঁওবাসী । ইফালে গাঁওখনত ঘণ্টা ঘণ্টা ধৰি বিদ্যুৎ যোগান বন্ধ হৈ থকাত অধিক শংকিত হৈ পৰে লোকসকল । কেশৰী লাল নামৰ এগৰাকী স্থানীয় লোকৰ মতে কুকুৰনেচীয়াৰ কেইবাটাও আক্ৰমণ বিফল হৈছে । নৰখাদক কুকুৰনেচীয়াৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ নিশা টহল দিয়াৰ ব্যৱস্থাও কৰিছে লোকসকলে ।

মহাচি তহচিলৰ এই গাঁওবোৰত শিশু, বৃদ্ধাকে ধৰি কেইবাজনো যুৱক কুকুৰনেচীয়াৰ চিকাৰ হৈছে । দুমাহৰ ভিতৰত গাঁও কেইখনত ৭ জনতকৈও অধিক যুৱক আৰু এগৰাকী মহিলাক কুকুৰনেচীয়াই আক্ৰমণ কৰিছে । তাৰ পিচতে কুকুৰনেচীয়াই এতিয়া শিশুসকলক লক্ষ্য কৰি লৈছে । আনকি শিশুৰ সুৰক্ষাৰ কথা চিন্তা কৰি বিভিন্ন স্থানত বিদ্যালয়সমূহো বন্ধ ৰখা হৈছে ।

  • কুকুৰনেচীয়াৰ চিকাৰ শিশু

গাঁওকেইখনত বহু দৰিদ্ৰ লোক আছে । তেওঁলোকৰ আনকি শৌচাগাৰ বা প্ৰস্ৰাৱগাৰৰো অভাৱ আছে । যাৰ বাবে শিশুসকলে সচৰাচৰ মুকলি স্থানতে প্ৰস্ৰাৱ কৰে । যাৰ বাবে তেওঁলোক কুকুৰনেচীয়াৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয় ।

ঘৰৰ চৌহদত শৌচালয় নোহোৱা লোকসকল শংকিত হৈ পৰিছে । কিয়নো কোন মুহূৰ্তত তেওঁলোকক কুকুৰনেচীয়াই আক্ৰমণ কৰিব কোনেও নাজানে । কুকুৰনেচীয়াৰ আক্ৰমণত আঘাতপ্ৰাপ্ত লোকৰ সংখ্যা বৃদ্ধিৰ ছবিখনে অঞ্চলটোৰ দুৰ্দশা স্পষ্ট কৰিছে । এনে পৰিস্থিতিত অতি শীঘ্ৰে কুকুৰনেচীয়াক পিঞ্জৰাবদ্ধ কৰিবলৈ বা ধৰিবলৈ প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী গাঁওবাসীয়ে ।

  • বন বিভাগৰ প্ৰচেষ্টা

উল্লেখ্য যে এই বছৰৰ মাৰ্চ মাহৰ পৰা আক্ৰমণ বৃদ্ধি পাইছে । ১৭ জুলাইৰ পিচত এই আক্ৰমণে অধিক ভয়ংকৰ ৰূপ লৈছে । এই কুকুৰনেচীয়াবোৰে চিকাৰৰ সন্ধানত প্ৰায়ে মুকলি পথাৰলৈ ওলাই আহে । মানুহৰ ওপৰত কেইবাটাও আক্ৰমণ হোৱাৰ পিচত চৰকাৰে বিশেষ অভিযান আৰম্ভ কৰিছে । অভিযানটোৰ নাম দিয়া হৈছে 'অপাৰেচন ভেড়িয়া'। কুকুৰনেচীয়াক ধৰিবলৈ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ।

আক্ৰমণকাৰী কুকুৰনেচীয়াৰ দলটো ৬ জনীয়া বুলি সন্দেহ কৰা হৈছে । বন বিভাগৰ বিষয়া ৰেণু সিঙে নিশ্চিত কৰিছে যে তাৰ ভিতৰত ৪ টাক ইতিমধ্যে পিঞ্জৰাৱন্ধ কৰা হৈছে । ২ টাক পিঞ্জৰাৱদ্ধ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে । সিঙে নিশ্চিত কৰিছে যে ড্ৰোণৰ জৰিয়তে ৬ টা কুকুৰনেচীয়া প্ৰত্যক্ষ কৰা হৈছিল । কুকুৰনেচীয়াৰ আক্ৰমণ প্ৰতিৰোধৰ বাবে আধুনিক প্ৰযুক্তিৰ উপৰিও, কুঁহিয়াৰ পথাৰত পৰম্পৰাগত পদ্ধতিও ব্যৱহাৰ কৰা হৈছে । আনকি পৰম্পৰাগত পদ্ধতি হিচাপে কুকুৰনেচীয়াক প্ৰতিৰোধৰ বাবে হাতীৰ গোবৰ ব্যৱহাৰ কৰা হৈছে ।

অৱশ্যে, প্ৰশ্নটো হ'ল বয়স, জাতি বা লিংগ নিৰ্বিশেষে এই গাঁওবোৰ কিমান দিনলৈ বৰ্তী থাকিব ? কিয়নো তেওঁলোকৰ বাবে এতিয়া বয়স, জাতি বা লিংগৰ বিভিন্নতা সমস্যা নহয় । সমস্যা হৈছে বন্য জন্তুৰ প্ৰতি ভয় । এই ভয়ে তেওঁলোকক নৰ ভক্ষকৰ বিৰুদ্ধে যুঁজত একত্ৰিত কৰিছে । মানুহে উপলব্ধি কৰিছে যে কঠিন সময়ত তেওঁলোকে অধিক ক্ষতিৰ সন্মুখীন হোৱাৰ পূৰ্বে উমৈহতীয়াভাৱে শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগিব ।

লগতে পঢ়ক :ধাৰাসাৰ বৰষুণৰ ফলত তেলেংগানাত ১৫ জন আৰু অন্ধ্ৰপ্ৰদেশত ১০ জন লোকৰ মৃত্যু - Red Alert In Telangana

ABOUT THE AUTHOR

...view details